ৰঙিয়া,10 এপ্ৰিল: দেশত কৰ’ণাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰ লগে লগে পুনৰাই আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে গুৱাহাটী বিমানবন্দৰ তথা ৰে’ল ষ্টেচনত । ৰাজ্যৰ বাহিৰৰ পৰা যাত্ৰীৰ ৭২ ঘণ্টাৰ ভিতৰত কৰা ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নাথাকিলে গুৱাহাটীতে ক’ভিডৰ পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু ৰঙিয়াৰ ৰে’ল জংচনত এই বিষয় সন্দৰ্ভত কৰ্তৃপক্ষই সম্পূৰ্ণ উদাসীন হোৱা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা প্ৰতিখন ৰে’লেই ৰঙিয়া জংচনত ৰয় । এই জংচনটোত প্ৰতিদিনে সহস্ৰাধিক যাত্ৰীৰ আগমন ঘটে । এই জংচনটোৰ পৰাই অসমৰ বিভিন্ন ঠাইলৈ বিশেষকৈ নামনি অসমৰ বহুকেইখন নগৰলৈ স্থানীয় ৰে’লেৰে যাত্ৰীসকলে অহা-যোৱা কৰে । গতিকে এই জংচনটোত ক'ভিডৰ বাবে এক সু-পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী আছিল ৷ কিন্তু এতিয়ালৈকে তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ষ্টেচন কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
বৰ্তমান দিল্লী, মুম্বাই আদি চহৰত নিতৌ আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে । লগতে এই চহৰসমূহৰ পৰা নিতৌ শ শ যাত্ৰীৰ অসমলৈ আগমন ঘটিছে । তেনে পৰিপ্ৰেক্ষিতত ৰঙিয়াৰ স্থানীয় ৰাইজে বিষয়টোক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে ৷ ৰাইজে বিষয়টো ৰে’ল বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷
লগতে পঢ়ক: বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি