ETV Bharat / state

ৰাজ্যজুৰি APDCL কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 5, 2020, 9:35 PM IST

সৰ্বভাৰতীয় বিদ্যুৎ পৰিষদৰ আহ্বানত পালন কৰা এই প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ বিদ্যুত বিল ২০২০ বাতিল কৰাৰ দাবী প্ৰতিবাদকাৰীৰ...

protest
protest

ৰঙিয়া, 5 অক্টোবৰঃ শাসনাধিস্থ বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ এপদ এপদকৈ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত সোমবাৰে উত্তাল হৈ পৰিল ৰঙিয়া ৷ শেহতীয়াভাৱে শক্তি বিভাগক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ যো-জা চলোৱাত জাঙুৰ খাই উঠিছে APDCL ৰ কৰ্মচাৰীসকল। ৰঙিয়াৰ বিদ্যুত উপসংমণ্ডল ২ ৰ কাৰ্যালয়ৰ সন্মুখত শক্তি বিভাগৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট পালন কৰে। ইয়াৰ পিচতে ৰঙিয়া চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

protest
ৰঙিয়া প্ৰতিবাদ

পশ্চিম বিলাসীপাৰাঃ শক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বিলাসীপাৰা ৷ নিখিল ভাৰত বিদ্যুৎ কৰ্মচাৰী মহাসংঘৰ আহ্বানত আছাম ষ্টেট পাৱাৰ ৱ'কাৰ্চ ইউনিয়ন বিলাসীপাৰা শাখাই দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ বিলাসীপাৰা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ শক্তি বিতৰণ প্ৰতিস্থান সমূহৰ ব্যক্তিগতকৰণ আৰু কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

protest
পশ্চিম বিলাসীপাৰা প্ৰতিবাদ

দৰংঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনৰ মঙলদৈ সংমণ্ডলৰ কৰ্মচাৰী সকলে বিদ্যুৎ বিল-২০২০ বিৰোধিতাৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলে ৷ সৰ্বভাৰতীয় বিদ্যুৎ পৰিষদৰ আহ্বানত পালন কৰা এই প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ বিদ্যুত বিল ২০২০ বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷

protest
দৰং প্ৰতিবাদ

লগতে পঢ়কঃ ভূমিক কেন্দ্ৰ কৰি নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

নাজিৰাঃ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ লগতে অসমৰ বিদ্যুত খণ্ডকো ব্যক্তিগত প্ৰতিস্থানৰ অধীন কৰাৰ বিৰোধিতাৰে আন্দোলনত নামিছে বিদ্যুত কৰ্মচাৰী সকল ৷ সোমাবৰে অসম বিদ্যুত বিতৰণ প্ৰতিস্থানৰ নাজিৰা সংমণ্ডলৰ গড়গাওঁ কাৰ্যালয়ৰ সন্মুখত আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ গড়গাঁও শাখাৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিদ্যুত বিতৰণ কোম্পানীক ব্যক্তিগতকৰণ বন্ধ কৰা ,কৰ্মচাৰীৰ দীৰ্ঘদিনৰ সমস্যা সমাধানৰ দাবীত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰি তোলে ৷

protest
নাজিৰা প্ৰতিবাদ

বঙাইগাঁওঃ শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এ পি ডি চি এলক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদমুখী হৈ পৰিছে বঙাইগাঁৱৰ বিদ্যুৎ কৰ্মচাৰী সকল ৷ সোমবাৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে ব্যক্তিগতকৰণৰ বিৰুদ্ধে এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

protest
বঙাইগাঁও প্ৰতিবাদ

লগতে পঢ়কঃ ডকমকা ডাইনী কাণ্ড সন্দৰ্ভত পুনৰ ৯ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.