ETV Bharat / state

ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 21, 2019, 4:46 AM IST

প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসমীয়া জাতি সংকটৰ সন্মুখীন হ'লে বিজেপি চৰকাৰে তাৰ মূল্য ভৰিব লাগিব বুলিও মন্তব্য কৰে সংগঠনটোৱে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিয়া , 20 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত বুধবাৰে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি ৰঙিয়াৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে ৷ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ , অমিত শ্বাহ হুচিয়াৰ আদি শ্ল'গান দিয়াৰ লগতে জাতিধ্বংসী বিধেয়কখন কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ৷ বিজেপি চৰকাৰে যদিহে শীতকালীন অধিবেশনত বিধেয়কখন গৃহীত কৰে তেন্তে অসমীয়া জাতি আৰু জাতীয় জীৱন ভয়াৱহ সংকটৰ সন্মুখীন হ'ব আৰু ইয়াৰ মূল্য বিজেপি চৰকাৰে ভৰিব লাগিব বুলিও চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

লগতে পঢ়কঃ ওৰাঙত পুনৰ একেটা স্থানতে পথ দুৰ্ঘটনা: থিতাতে নিহত এজন

Intro:ৰঙিয়াত AJYCP ৰ উত্তাল প্ৰতিবাদBody:জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰঙিয়াত AJYCP উত্তাল প্ৰতিবাদ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে ৰঙিয়া নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই । নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ হুচিয়াৰ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো কাৰণতে মানি লোৱা নহব আদি শ্লোগানেৰে পৰিবেশ উত্তাল । ইফালে যদিহে বিজেপি চৰকাৰখনে চলিত শীতকালিন অধিবেশনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেন্তে অসম আৰু অসমীয়াৰ স্বাৰ্থত ভয়াবহ আন্দোলনৰ সন্মুখীন হব লাগিব বুলি সকিয়াই দিয়ে সংগঠনটোৱে ।

BITE : প্ৰতিবাদকাৰীConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.