ETV Bharat / state

কাৰ জেপত সোমাইছে কৃষকৰ প্ৰাপ্য ধন !

উত্তৰ গুৱাহাটীত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । কামৰূপ জিলা কৃষি বিভাগে কৃষকৰ নামত অহা ধনৰ লুণ্ঠন চলোৱাৰ অভিযোগ হিতাধিকাৰীৰ ।

agriculture scam in north guwahati
agriculture scam in north guwahati
author img

By

Published : May 4, 2020, 5:24 PM IST

আমিনগাঁও, 4 মে' : মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ বেজেৰা উন্নয়ন খণ্ডত সংঘটিত কৃষি আঁচনিৰ কেলেংকাৰী । প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ সুবিধাৰ পৰা আমিনগাঁও - উত্তৰ গুৱাহাটী অঞ্চলৰ প্ৰকৃত কৃষকক বঞ্চিত কৰি তালিকাত ভুৱা কৃষক হিতাধীকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ । একাংশ ভূৱা হিতাধিকাৰীক অন্তৰ্ভূক্ত কৰি দুৰ্নীতিৰে আত্মসাৎ কৰিছে কৃষক কল্যাণৰ ধন ।

agriculture scam in north guwahati
ভূৱা হিতাধিকাৰীৰ তালিকা

ইটিভি ভাৰতৰ হাতত পৰিছে কৃষক সন্মান নিধি আঁচনিত অন্তৰ্ভূক্ত হিতাধীকাৰীৰ চাঞ্চল্যকৰ তালিকা । তালিকাত অন্তৰ্ভূক্ত অধিকাংশই দেখিয়েই পোৱা নাই পথাৰৰ খেতি । আনকি তেওঁলোকৰ নাই কৃষি কৰ্মত ব্যৱহৃত সা-সৰঞ্জামৰ তথা কৃষি কৰ্মৰ বিষয়ে সম্যক জ্ঞান । প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি প্ৰস্তুত কৰা কৃষক সন্মান নিধিৰ তালিকা দেখি হতচকিত বৃহত্তৰ আমিনগাঁও - উত্তৰ গুৱাহাটী অঞ্চলৰ সচেতন ৰাইজ ।

কাৰ জেপত সোমাইছে কৃষকৰ প্ৰাপ্য ধন !

ভুৱা হিতাধিকাৰীৰ নাম বাতিল কৰি প্ৰকৃত কৃষকক বাচনি কৰি পুনৰ তালিকা প্ৰস্তুতৰ দাবী জনাইছে ৰাইজে । ইফালে সংবাদ মাধ্যমত এই দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাচত দুৰ্নীতিত নিমজ্জিত সকলৰ বিৰুদ্ধে মন্ত্ৰী তথা স্থানীয় বিধায়ক ড0 হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব । এই দুৰ্নীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্নীতিগ্ৰস্তক প্ৰশ্ৰয় দিয়া নহ'ব বুলি মত পোষণ কৰে কামৰূপৰ জিলা উপায়ুক্তই ।

লগতে পঢ়ক : সন্তোষ হোজাইৰ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে ডি এছ পিৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.