ETV Bharat / state

জন সমাগম সৃষ্টিৰে পলাশবাৰীত অগপৰ সজাগতা সমদল

লক্ ডাউন অমান্য কৰি জন সমাগম সৃষ্টিৰে পলাশবাৰীত সজাগতা অভিযান বাহিৰ কৰে অসম গণ পৰিষদ দলে ৷ দলটোৰ এই কাৰ্যত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে ছ’চিয়েল মেডিয়াত ব্যাপক চৰ্চা কৰা পৰিলক্ষিত হৈছে ৷ ৰাইজক Covid 19 ৰ বিৰুদ্ধে সজাগ কৰিবলৈ দলটোৱে বাহিৰ কৰিছিল উক্ত সমদল ৷

AGP awareness rally during lock down azara kamrup etv bharat newsAGP awareness rally during lock down azara kamrup etv bharat news
অগপৰ সজাগতা সমদল
author img

By

Published : May 8, 2020, 3:05 PM IST

Updated : May 8, 2020, 3:19 PM IST

আজাৰা,8 মে’ঃ লক্​ ডাউনৰ ফলত বাতিল হৈছে যিকোনো জন সমাগম বা ৰাজহুৱা অনুষ্ঠান ৷ কিন্তু Covid 19 ৰ বিৰুদ্ধে যুঁজ দিবলৈ পলাশবাৰী সমষ্টিৰ মিৰ্জাত অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে অঞ্চলবাসীক সজাগ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে এক সজাগতা অভিযান অনুষ্ঠিত কৰে ৷ ৰাইজক সজাগ কৰিবলৈ গৈ দলটোৱে নিয়ম ভংগ কৰে ৷ দলটোৱে অভিযানত ব্যৱহাৰ কৰা বেনাৰখনত জন সমাগমৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হোৱাৰ বিপৰীতে জন সমাগম সৃষ্টিৰে এক সমদল বাহিৰ কৰে ৷

অগপৰ সজাগতা সমদল

উল্লেখ্য যে, অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম খাদী আৰু গ্ৰাম্যোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা আৰু পলাশবাৰীৰ অগপ নেতা পংকজলোচন গোস্বামী উক্ত সমদলত উপস্থিত থাকে ৷ অগপ দলটোৰ এই কাৰ্যৰ বাবে পলাশবাৰীত প্ৰতিক্ৰিয়া সৃষ্টিৰ লগতে ছ’চিয়েল মিডিয়াত সৃষ্টি হয় বিতৰ্ক ।

লগতে চাওকঃ মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : May 8, 2020, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.