হাজো, 22 মেঃ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰত পুনৰ প্ৰকাণ্ড-প্ৰকাণ্ড মাছৰ মৃত্যু হয় ৷ শুকুৰবাৰে কাহিলীপুৱাতে প্ৰকাণ্ড-প্ৰকাণ্ড মাছসমূহৰ অস্বাভাৱিকভাবে মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
স্থানীয় লোকৰ ভাষ্য অনুসৰি দীৰ্ঘ দিনে পুখুৰীটোৰ পানী অপৰিস্কাৰ হৈ আছে ৷ আনহাতে, পুখুৰীটোৰ পানী পৰিস্কাৰৰ বাবে চৰকাৰ তথা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ যাৰ বাবে অক্সিজেনৰ অভাৱৰ ফলতেই এনেদৰে মাছসমুহৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ কিছুদিন পূৰ্বেও বহুকেইটা মাছৰ একেই কাৰণতে মৃত্যু হৈছিল বুলিও সদৰী কৰে স্থানীয় লোকে ৷ মীন বিভাগে অক্সিজেনৰ কিছু ব্যৱস্থা কৰিছিল যদিও সেয়া পৰ্যাপ্ত পৰিমান নোহাৱা বুলি অভিযোগ উঠিছে ৷
আনহাতে, মন্দিৰ পৰিচালনা সমিতিয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰো আন এক অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীৰ মাছসমুহৰ এনেদৰে মৃত্যু হৈ থাকিলে হাজোবাসীৰ গৌৰৱ ম্লান হ'ব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতিশীঘ্ৰে পুখুৰীটোৰ পানী পৰিস্কাৰ কৰাৰ লগতে পুখুৰীটোত থকা মাছবোৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই স্থানীয় ৰাইজে ৷
লগতে পঢ়ক- দিহিং পাটকাই আন্দোলনক বিপথে পৰিচালিত কৰিব বিচাৰিছেঃ ইক' ক্লাৱ