পুঠিমাৰী, 23 মে’: বিগত কেইবাদিন ধৰি ৰাজ্যত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে পুঠিমাৰী নৈৰ জলস্তৰ । নৈখনৰ বাঢ়নী পানীয়ে ৰঙিয়াৰ কেকেনীকুছিত থকা কাঠৰ দলংখন যিকোনো মুহূৰ্তত উটুৱাই নিব পাৰে । কিয়নো নৈৰ পানীৰ লগত ভাঁহি অহা গছ-বন, জাবৰ-জোঁথৰবোৰ জৰাজীৰ্ণ দলংখনৰ কাঠৰ খুঁটাবোৰত লাগি ধৰাৰ বাবে বিপদ বাঢ়িছে দুৰ্বল দলংখনৰ ।
ইফালে পুঠিমাৰী নৈৰ ওপৰত নিৰ্মীয়মান পকী দলঙত ব্যৱহৃত কাঠ আৰু সা-সৰঞ্জামবোৰো খুঁটাবোৰত লাগি ধৰাত দলংখন সুৰক্ষিত কৰি ৰখাত অসুবিধাৰ সৃষ্টি হৈছে । উপায়হীন হৈ নৈপৰীয়া ৰাইজে নিজেই দলঙৰ তললৈ গৈ খুটাত লাগি থকা গছ-বন, জাবৰ-জোঁথৰ আঁতৰাবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় । কিয়নো দলঙখন উটুৱাই নিলেই সংযোগবিহীন হৈ পৰিব দুয়োপাৰৰ ৰাইজ ৷ লগতে দলংখন ধৰি ৰাখিবলৈ ৰাইজে বন্ধ কৰিছে অহা-যোৱা । দলঙৰ দুয়োপাৰে ৰাইজে বান্ধি দিছে বাঁহ । কৰ’ণাতংকৰ মাজতে নৈৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
লগতে পঢ়ক: শ্বহীদ ৰাজেন বৰুৱাৰ গৃহত লুৰীণ জ্যোতি গগৈ