ETV Bharat / state

ৰঙিয়াত আছুৰ সহকাৰী সম্পাদকৰ প্ৰতিকৃতি দাহ আছু কৰ্মীৰ - RANGIA NEWS

ৰঙিয়াত আছুৰ সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱ কৰ্মীয়ে ৷ সহকাৰী সম্পাদকগৰাকীৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতা আৰু একনায়কত্ববাদৰ অভিযোগ একাংশ আছু কৰ্মীৰ ৷

AASU PROTEST AT RANGIA
ৰঙিয়াত আছুৰ গৃহকন্দলঃপ্ৰতিকৃতি দাহ আছু কৰ্মীৰ
author img

By

Published : Dec 27, 2020, 8:14 AM IST

ৰঙিয়া,27ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসৰ বিৰুদ্ধে সৰৱ হ'ল ৰঙিয়াৰ একাংশ আছু কৰ্মী ৷ জানিব পৰা মতে,কোনো কাৰণ নোহোৱাকৈ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি ভূপেন কলিতাক বহিষ্কাৰ কৰিছিল ধৰ্মেশ্বৰ দাসে ৷ ইয়াৰ পিছতে আছুৰ সহকাৰী সম্পাদকগৰাকীৰ বিৰুদ্ধে একনায়কত্ববাদ,স্বেচ্ছাচাৰিতাৰ অভিযোগ তুলি শনিবাৰে বহিষ্কৃত আছু নেতা ভূপেন কলিতাই একাংশ আছু কৰ্মীৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰঙিয়াৰ তুলসীবাৰী পঞ্চায়ত চ'কস্থিত বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ সন্মুখত হাতে-হাতে প্লেকাৰ্ড লৈ আছু নেতা ধৰ্মেশ্বৰ দাস বিৰোধী শ্ল'গান তথা প্ৰতিকৃতি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে । ইপিনে বহিস্কৃত আছু নেতা ভূপেন কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে,কোনো ধৰণৰ আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ আক্ৰোশমূলক ভাৱে ধৰ্মেশ্বৰ দাসে তেওঁক সংগঠনৰ পৰা বহিষ্কাৰ কৰিছে । আনহাতে,আছু নেতা ধৰ্মেশ্বৰ দাসৰ এনে সিদ্ধান্তৰ ওপৰত পৰৱৰ্তী সময়ত কেন্দ্ৰীয় নেতৃত্বই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃবায়ুসেনা বিষয়াক আক্ৰমণ কৰা দুৰ্বৃত্তক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.