নিউজ ডেস্ক, ১৭ মাৰ্চ : ‘‘ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে ছেবাই ৷ বছৰত এটাও পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে ছেবাই ৷ যাৰ ফলত কেতিয়াবা যদি পৰীক্ষাৰ বহী গৰুৱে খায়, আন কেতিয়াবা আকৌ পৰীক্ষাৰ বহী উদ্ধাৰ হয় বাছ আস্থানত ৷ এইবাৰ আকৌ ১০০ টকাৰ পৰা আৰম্ভ কৰি বহু হাজাৰ হাজাৰ টকাত বিক্ৰী হৈছে মেট্ৰিক পৰীক্ষাৰ বহী ৷’’ এই অভিযোগ আছুৰ ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজ্যজুৰি আছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AASU Protest against SEBA) ৷
ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ছেবাৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৱে পুনৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ৰ সমীপৰ পৰা তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে সমদল কৰি চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (HSLC question paper leak)৷

সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ পাচত পৰীক্ষা বাতিল কৰিব লগা হোৱাৰ লগতে এতিয়া পুনৰ ১৮ মাৰ্চত অনুষ্ঠিত হ’ব লগা অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰাত বিপদত পৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল (HSLC Assamese exam canceled) ৷ গতিকে অতি সোনকালে শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুয়ে ৷ লগতে উক্ত ঘটনাৰ সৈতে জড়িত মূল ব্যক্তিক আৰু ছেবাৰ অধ্যক্ষকো গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবীত উত্তাল হৈ পৰে তিনিচুকীয়া ৷
তিনিচুকীয়াৰ সমান্তৰালকৈ ৰঙিয়াৰ বটাকুছিতো আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ আগতেই ধাৰাবাহিকভাৱে ফাদিল হোৱা তথা পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা বিষয়টোৱে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । এনে সময়তে ৰঙিয়াৰ বটাকুছিত মধ্যপাণ্ডুৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া-ধমধমা পথত সমবেত হৈ ৰণোজ পেগু হায় হায়, শিক্ষামন্ত্ৰী পদত্যাগ কৰক, ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ।

আনহাতে, নলবাৰীতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ২২ খনকৈ আঞ্চলিক শাখাই সাব্যস্ত কৰে প্ৰতিবাদ । নলবাৰীৰ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই মুকালমুৱাৰ মাজ মজিয়াত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা গছত ওলোমাই সাব্যস্ত কৰে প্ৰতিবাদ । লগতে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি CBI ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ।
তিনিচুকীয়া, ৰঙিয়াৰ লেখীয়াকৈ ডুমডুমা, জোনাই, যোৰহাট, তিতাবৰ, গুৱাহাটী আদিটো আছুৰ গৰ্জনত উত্তাল হৈ পৰে ৰাজ্য ৷ ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে মাজুলীৰ ৰাৱণাপাৰত ছেবাৰ "শ্মশান যাত্ৰা’ কৰি ছেবাৰ শৱদেহ দাহ কৰে । লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ছেবাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

ছেবাৰ "শ্মশান যাত্ৰা" কৰি যোৱাৰ অৱস্থাত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি কৰা বন্ধ কৰক, ৰণোজ পেগু গ’ বেক আদি বিভিন্ন শ্ল’ গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীৰ দাবী বছৰেকত এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰা ছেৱাৰ অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰক ৷ যোৱা ৭ বছৰে ছেৱাৰ এই অধ্যক্ষগৰাকীয়ে কেনেদৰে একেখন চকীত বহী আছে সেইটো এটা ডাঙৰ প্ৰশ্ন বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক : HSLC question paper leak : প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল ৰাজ্য