ETV Bharat / state

প্ৰথমে আদায় দিলে কৰ, তাৰপিছত ট্ৰাক লৈ পলায়ন

author img

By

Published : Aug 18, 2021, 1:58 PM IST

আন্ধাৰৰ সুযোগতে ট্ৰাক চুৰি অচিনাক্ত দুৰ্বৃত্তৰ ৷ চুৰিৰ পিছত পলায়ন কৰোতে পোৱা টোলগেটত আদায় দিলে কৰ ৷ আৰু তাৰপিছত...

Truck thief from Rangia
টোলগেটত কৰ আদায় দি ট্ৰাক লৈ পলায়ন দুৰ্বৃত্তৰ

ৰঙিয়া, 18 আগষ্ট : ৰঙিয়াৰ তুলসীবাৰীৰ পৰা সোমবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে আন্ধাৰৰ সুযোগ লৈ এখন ট্ৰাক চুৰি কৰি নিয়ে । মঙলবাৰে পুৱা চালকে ট্ৰাকখন কামলৈ নিবলৈ অহাৰ সময়ত পোহৰলৈ আহে এই কথা ৷ চালকে ট্ৰাকখন নেদেখি লগে লগে ট্ৰাকখনৰ স্বত্বাধিকাৰী ভাৰত পালক এই বিষয়ে অৱগত কৰে ৷

ট্ৰাকখনৰ স্বত্বাধিকাৰীয়ে ম’বাইলত টোলগেটৰ পৰা অহা মেছেজৰ ভিত্তিত দুৰ্বৃত্তৰ দলটোৱে কামৰূপৰ মদনপুৰৰ টোলগেটত কৰ আদায় দি ট্ৰাক লৈ পলায়ন কৰাৰ কথা জানিব পাৰে ৷ স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তুলসীবাৰীৰ পলিষ্টাৰ চ’কৰ পৰা দুৰ্বৃত্তই চুৰি কৰি নিয়ে AS 14 A 8152 নম্বৰৰ ট্ৰাকখন ।

আন্ধাৰৰ সুযোগ ট্ৰাক চুৰি অচিনাক্ত দুৰ্বৃত্তৰ

ঘটনা সন্দৰ্ভত স্বত্বাধিকাৰী পালে তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি নিশা প্ৰায় ১.৩০ বজাত দুৰ্বৃত্তৰ দলটোৱে টোলগেটত ৩৮০ টকা কৰ আদায় দি ট্ৰাকসহ পলায়ন কৰে ।

লগতে পঢ়ক : কংগ্ৰেছ নেতৃত্বক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা সাংসদ দিলীপ শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.