গুৱাহাটী,19 ছেপ্টেম্বৰ : আলঝেইমাৰত আক্ৰান্ত ৰাজ্যৰ বয়োজ্যেষ্ঠ লোকসকলৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা 'সম্পৰ্ক এল্ডাৰকেয়াৰ' (SAMPARK Eldercare) নামৰ ম'বাইল এপটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ আলঝেইমাৰত আক্ৰান্ত সমাজৰ বৃদ্ধলোকসকলৰ সেৱাত নিয়োজিত হৈ থকা 'আলঝেইমাৰ্ছ এণ্ড ৰিলেটেড ডিছঅৰ্ডাৰ্ছ ছ'চাইটী অব ইণ্ডিয়া' (আৰ্ডছিয়) নামৰ এন জি অ' এটাৰ গুৱাহাটীস্থ গোটে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ মোবাইল এপটো ৷
দেওবাৰে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই এপটো মুকলি কৰে ৷ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, উপ সচিব কমলজিৎ তালুকদাৰ, বিশিষ্ট চিকিৎসক ডাঃ অজয়া মহন্ত আৰু ডাঃ অংকুমণি শইকীয়াই অংশ গ্ৰহণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই আলঝেইমাৰ ৰোগীসকলৰ বাবে এনজিঅ'টোৱে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে ৷
লগতে ক'ভিড অতিমাৰীয়ে সকলোকে ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়ছোৱাত এনজিঅ'টোৰ এই প্ৰচেষ্টাক অত্যন্ত আশাব্যঞ্জক আৰু ইতিবাচক মানৱদৰদী প্ৰয়াস ৰূপে অভিহিত কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, এইৰোগত আক্ৰান্ত হৈ স্মৃতিশক্তি অতি দুৰ্বল হৈ পৰা সমাজৰ বৃদ্ধ-অসহায় লোকসকল আৰু তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ ক্ষেত্ৰত আৰ্ডছিয়ে লৈ অহা ভূমিকাৰো শলাগ লয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰাও এনজিঅ'টোলৈ সহযোগিতা আগবঢ়োৱাৰ উদ্যোগ ল'ব বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ এই এপটো ৰাজ্যখনৰ সকলো প্ৰান্তৰ আলঝেইমাৰ ৰোগী সকলৰ বাবে বিশেষ উপযোগী হ'ব বুলি আশা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
তদুপৰি ৰাজ্যত আলঝেইমাৰত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকসকলৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা উপলব্ধ কৰাৰ বাবে স্বাস্থ্য বিভাগেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে মন্ত্ৰী গৰাকীয়ে ৷ এইসকল লোকৰ যতন লোৱাৰ ক্ষেত্ৰত এন জি অ'সমূহৰ প্ৰয়াসকো উদগণি যোগাব পৰাকৈ চৰকাৰে ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে কেশৱ মহন্তই ৷
এই প্ৰসংগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে, ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়কে ডিজিটেল ব্যৱস্থাৰে সংযুক্ত কৰি ৰোগীসকলৰ চিকিৎসা বিষয়ক তথ্যৰাজি ভৱিষ্যতে আন কোনো এখন চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ হোৱাকৈ মজুত কৰি ৰখাৰ বাবেও ৰাজ্যৰ স্বাস্থ্য বিভাগে চিন্তা কৰিছে ৷
লগতে পঢ়কঃ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত