ETV Bharat / state

অচিনাক্ত বাহনৰ খুন্দাত বেজেৰাত লতামাকৰিৰ মত্যু - বাইহাটা চাৰিআলি

এখন অচিনাক্ত বলেৰ' গাড়ীয়ে খুন্দিওৱাৰ ফলত দেওবাৰে নিশা বাইহাটা চাৰিআলিৰ বেজেৰাত মৃত্যু এটা দুষ্প্ৰাপ্য় লতামাকৰিৰ ৷

লতামাকৰিৰ মত্যু
লতামাকৰিৰ মত্যু
author img

By

Published : Jul 27, 2020, 1:10 PM IST

বাইহাটা, 27 জুলাই: দেওবাৰে নিশা কোনো অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত বাইহাটা চাৰিআলিৰ বেজেৰাৰ ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হয় এটা লতামাকৰি বাঘৰ ৷ অঞ্চলটোৰ দাতিকাষৰীয়া পাহাৰৰ বনাঞ্চলৰ পৰা লতামাকৰীটোৱে জনাঞ্চলত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ ৷ এগৰাকী লোকৰ বাসগৃহৰ সন্মুখত মৃত লতামাকৰিটো পৰি থকা দেখি লোকগৰাকীয়ে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত অৱগত কৰে বাইহাটা আৰক্ষী চকীত ৷

অচিনাক্ত বাহনৰ খুন্দাত বেজেৰাত লতামাকৰিৰ মত্যু

এখন বলেৰ' গাড়ীয়ে খুন্দিওৱাৰ ফলত মৃত্যু হোৱা দুষ্প্ৰাপ্য জন্তুটো গাড়ীখনত থকা লোকে নিব বিচাৰিছিল যদিও, স্থানীয় ৰাইজৰ তৎপৰতাত নিব নোৱাৰিলে অচিনাক্ত বাহন খনত থকা লোকে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত লতামাকৰিটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: লক ডাউনে জীৱন সলনি কৰা এটা দম্পতীৰ কাহিনী...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.