ৰঙিয়া,28 ছেপ্টেম্বৰঃ ৰঙিয়াত সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰা এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ৰঙিয়াৰ লাহাপাৰাত নিজ সন্তানক হত্যা কৰিলে পাষাণ পিতৃয়ে ৷ অন্ধবিশ্বাসৰ বলি হৈ পিতৃয়ে বৰলীয়া নৈত দলিয়াই হত্যা কৰিলে আঢ়ৈ বছৰীয়া কন্যা সন্তানক । ৰঙিয়াৰ বীৰবল বড়ো নামৰ লোকজনে শুকুৰবাৰে নিশা নিজৰ আঢ়ৈ বছৰীয়া কন্যা সন্তানটিক ফুৰাবলৈ নি দলিয়াই দিয়ে গাৱঁৰ কাষেৰে বৈ যোৱা বৰলীয়া নৈত ৷ পাছত গাৱঁৰ ঘৰত বিচাৰ-খোচাৰ আৰম্ভ হোৱাত আৰু গাঁওবাসীয়ে উপৰ্যুপৰি প্ৰশ্ন কৰাৰ পিছত বীৰবল বড়োৱে কন্যা সন্তানটিক দেৱতাৰ নামত উচৰ্গা কৰি নৈত দলিওৱা বুলি স্বীকাৰ কৰে ৷ লোকজনে কয় যে, কিছুদিনৰ পৰা দেৱতাই তেওঁৰ পৰা এগৰাকী সন্তান খুজি আছিল,সেইবাবেই নিজ কন্যাক উৰ্চগা কৰিলে দেৱতাৰ ওচৰত ৷ উল্লেখ যোগ্য যে বীৰবল বড়ো তিনি কন্যা সন্তানৰ পিতৃ ৷ তৃতীয় গৰাকী কন্যাক হত্যা কৰা হত্যাকাৰী পিতৃজনক ইতিমধ্যে আটক কৰিছে কাউৰবাহা আৰক্ষীয়ে ৷
লগতে পঢ়কঃৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰিব যুৱ কংগ্ৰেছীয়ে