কামৰূপ,3নৱেম্বৰ: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে JEE কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৫ জন লোকক । মংগলবাৰে গ্ৰেপ্তাৰ হোৱা আটাইকেইজনকে আজি পুনৰ হাজিৰ কৰাৰ বাবে আদালতলৈ প্ৰেৰণ কৰা হয় । গ্ৰেপ্তাৰ হোৱা সকল ক্ৰমে ড0 জ্যোৰ্তিময় দাস,নীল নক্ষত্ৰ দাস,হেমেন্দ্ৰ নাথ শৰ্মা,প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ।
গ্ৰেপ্তাৰ হোৱাৰ পিচত আৰক্ষীয়ে ৭ দিনৰ বাবে নিজৰ জিন্মাত বিছাৰিছিল আটাইকেইজনকে । ইয়াৰ পাচতে আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিন্মাত দিছিল পাঁচোজনকে । ৫ দিনৰ জিন্মাৰ ম্যাদ উকলা পিছত আজি পুনৰ আদালতলৈ প্ৰেৰণ কৰা হয় আটাইকেইজনক ।
অন্য এক খবৰৰ বাবে: মূল্যবৃদ্ধি ৰোধৰ দাবীত উত্তাল বৰপেটা