ETV Bharat / state

বাইহাটা চাৰিআলিত জব্দ বৃহৎ পৰিমাণৰ কাঠ

কৰিমগঞ্জৰ পৰা পঞ্জাৱ অভিমুখী ট্ৰাক তিনিখনে ধুবুৰী লৈ বৃহৎ পৰিমাণৰ কাঠৰ বিট খিনি সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ ৷

বাইহাটা চাৰিআলিত জব্দ বৃহৎ পৰিমাণৰ কাঠ
author img

By

Published : Sep 2, 2019, 7:11 PM IST

কামনৰূপ, 2 চেপ্তেম্বৰঃ বাইহাটা চাৰিআলিত বৃহৎ পৰিমাণৰ কাঠৰ বিট জব্দ ৷ বাইহাটা চাৰিআলি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে কাঠৰ বিট ভৰ্তি তিনিখন ট্ৰাক । কৰিমগঞ্জৰ পৰা পঞ্জাৱ অভিমুখী ট্ৰাক তিনিখনে ধুবুৰী লৈ বৃহৎ পৰিমাণৰ কাঠৰ বিট সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। কিন্তু ট্ৰাক তিনিখন কোন প্ৰতিষ্ঠানৰ পৰা ক'লৈ গৈ আছিল সেই সন্দৰ্ভত তথ্য প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী । জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ PB-IIBN-5403, PB-IICM-5021, PB-IICR-8197 ৷ আনহাতো, জব্দ হোৱা ট্ৰাক তিনিখনৰ চালক যশপাল সিং ,কুলদীপ সিং,সুনীল কুমাৰক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে । কিন্তু বৃহৎপৰিমাণৰ কাঠৰ বিট ভৰ্তি ট্ৰাক তিনিখন শনিবাৰে জব্দ কৰাৰ পাচতো কিহৰ বাবে সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখিছিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

Intro:
চোৰাং কাঠ সৰবৰাহৰ সুগম কৰিডৰত পৰিণত হৈছে কামৰূপৰ বাইহাটা। অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ, কৰিমগঞ্জৰ পৰা প্ৰতি নিশাই বাইহাটা চাৰিআলিৰ মাজেৰে সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে চোৰাং কাঠ। বন বিভাগ - আৰক্ষীক মেনেজ কৰি বাইহাটা চাৰিআলিত গঢ়ি উঠিছে চোৰাং কাঠ সৰবৰাহৰ বৃহৎ এক চিণ্ডিকেট। চেগাচেৰাকৈ আৰক্ষীয়ে দুই এখন ট্ৰাক জব্দ কৰি পুনৰ গোপন বুজাবুজিৰে এৰি দিয়াৰো আছে গুৰুতৰ অভিযোগ। শনিবাৰে নিশাও বাইহাটা চাৰিআলিত বৃহৎ পৰিমাণৰ কাঠৰ বিট জব্দ কৰে আৰক্ষীয়ে। বাইহাটা চাৰিআলি আৰক্ষীয়ে
গোপন সূত্ৰৰ ভিত্তিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে কাঠৰ বিট ভৰ্তি তিনিখন ট্ৰাক। কৰিমগঞ্জৰ পৰা পঞ্জাব অভিমুখী ট্ৰাক তিনিখনে ধুবুৰী লৈ বৃহৎ পৰিমাণৰ কাঠৰ বিট খিনি সৰবৰাহ কৰিছিল বুলি জানিব দিয়ে আৰক্ষী। কিন্তু
ট্ৰাক তিনিখন কোন ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা কোন ব্যক্তি বা প্ৰতিষ্ঠানলৈ গৈ আছিল সেই সন্দৰ্ভত তথ্য প্ৰদানৰ পৰা বিৰত থাকে আৰক্ষী ।
PB IIBN 5403, PB IICM 5021, PB IICR 8197 নম্বৰৰ
জব্দকৃত ট্ৰাক তিনিখনৰ চালক যশপাল সিং ,কুলদীপ সিং,সুনীল কুমাৰক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। কিন্তু বৃহৎ পৰিমাণৰ কাঠৰ বিট ভৰ্তি ট্ৰাক তিনিখন শনিবাৰে জব্দ কৰিও কিহৰ বাবে সংবাদ মাধ্যমৰ পৰা আতৰত ৰাখিছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

bytBody:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.