ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত টকাসহ আটক 3 ইৰাণী গ্ৰুপৰ সদস্য - ইৰাণী গ্ৰুপৰ সদস্য

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত আৰক্ষীৰ জালত তিনিটা ইৰাণী গ্ৰুপৰ সদস্য ৷ অসমত বিভিন্ন স্থানৰ পৰা ATM জালিয়াতি কৰি ধন লুট কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ধৃত সদস্য কেইটাই ৷

ETV BHARAT
বৰঝাৰ বিমানবন্দৰত আৰক্ষীৰ জালত 91,720 টকা সহ আটক 3 ইৰাণী গ্ৰুপৰ সদস্য
author img

By

Published : Mar 17, 2020, 11:19 AM IST

আজাৰা, 17 মাৰ্চঃ নিশা বৰঝাৰ বিমানবন্দৰত আৰক্ষীৰ জালত পৰে তিনি ইৰাণী গ্ৰুপৰ সদস্য । ধৃত সদস্য কেইজন হাৰিয়ানাৰ জোনাইড খান, চালিম খান আৰু ছামচেদ খান বুলি জানিব পৰা গৈছে ।

বৰঝাৰ বিমানবন্দৰত আৰক্ষীৰ জালত 91,720 টকা সহ আটক 3 ইৰাণী গ্ৰুপৰ সদস্য

এক গোপন সূত্ৰ পম খেদি অপৰাধ নিৰ্মূল শাখাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল বৰাৰ নেতৃত্বত চলা অভিযানত বৰঝাৰ বিমানবন্দৰ পৰা আটক কৰে 3 টা ইৰাণী দলৰ সদস্য ৷ ধৃত সদস্য কেইটা হাৰিয়ানাৰ জোনাইড খান,চালিম খান আৰু ছামচেদ খান বুলি জানিব পৰা গৈছে । ধৃত সদস্য কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 91,720 টকাৰ লগতে ১৩০খন ATM কাৰ্ড, ১৪টা কফ চিৰাফৰ বটল , ৪ টা মোবাইল ফোন আৰু ভুৱা ATM কাৰ্ড ৷ ইতিমধ্যে ধৃত সদস্য কেইজনে অসমৰ বিভিন্ন স্থানৰ পৰা ATM জালিয়াতি কৰি ধন লুট কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

আনহাতে ধৃত তিনি সদস্যক বৰঝাৰ অপৰাধ নিৰ্মূল শাখাৰ আৰক্ষীয়ে আজাৰা আৰক্ষীক চমজাই দিয়ে । ইতিমধ্যে আজাৰা আৰক্ষীয়ে অধিক তথ্যৰ বাবে সদস্য কেইজনক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তত পৰ্য্টক লৈ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.