ETV Bharat / state

সিদ্ধান্ত সলনি জুবিনৰঃ ফিল্মফেয়াৰত অংশ ল'ব শিল্পীগৰাকীয়ে - জুবিন গাৰ্গ

ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গে । "অ’চম আচাম"ৰ তৰফৰ পৰিৱৰ্তে মুম্বাইৰ পৰা পোনপটীয়াকৈ নিমন্ত্ৰণ লাভ কৰাৰ বাবেহে ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানত অংশ ল'ব জুবিন গাৰ্গে ৷ অসমৰ বহু শিল্পী উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিবলগীয়া বিষয়টোত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে ৷

Zubeen Garg decided to particiapate 65 filmfare award program
ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানত অংশ লব জুবিন গাৰ্গে
author img

By

Published : Feb 14, 2020, 11:33 PM IST

গুৱাহাটী,14 ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গে । "অ’চম আচাম"ৰ তৰফৰ পৰিৱৰ্তে মুম্বাইৰ পৰা পোনপটীয়াকৈ নিমন্ত্ৰণ লাভ কৰাৰ বাবেহে ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানত অংশ ল'ব জুবিন গাৰ্গে ৷ ইয়াৰ বাবে ডিজাইনাৰে প্ৰস্তুত কৰা পোচাকৰ সলনি সদায় পিন্ধি থকা সাধাৰণ কাপোৰেৰে অংশ ল'ব জুবিনে । মুম্বাইৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসমলৈ অহা বলীউডৰ শিল্পীসকলৰ সন্মুখত সন্মান ৰক্ষাৰ অৰ্থে জুবিন গাৰ্গে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানত অংশ লব জুবিন গাৰ্গে

শিল্পীগৰাকীৰ মতে,কা আন্দোলন আৰু ফিল্মফেয়াৰ বঁটা একে বিষয়বস্তু নহয়। 'কা' ৰ বিৰুদ্ধে আন্দোলন চলাই যোৱাৰ সমান্তৰালকৈ সাংস্কৃতিক অনুষ্ঠান আৰু খেল সম্পৰ্কত সদায়ে সমৰ্থন জনাই আহিছে জুবিন গাৰ্গে । গতিকে অসমলৈ অহা বলীউডৰ অতিথিক সাক্ষাতৰ অৰ্থে অনুষ্ঠানটোত অংশ ল'ব জুবিনে । উল্লেখ্য যে,2007 বৰ্ষত জুবিন গাৰ্গ এই অনুষ্ঠানৰ বঁটা প্ৰাপকৰ তালিকাৰ দৌৰত সন্নিৱিষ্ট আছিল ৷ অসমৰ বহু শিল্পী উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিবলগীয়া বিষয়টোত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে ৷

লগতে চাওকঃকাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.