ETV Bharat / state

চিৰিয়াখানাৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ - অসম ৰাজ্যিক চিৰিয়াখানা

চিৰিয়াখানাৰ বিভিন্ন সুৰক্ষাৰ ক্ষেত্ৰত মাত মাতি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ শতাধিক সমৰ্থকে দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিৰিয়াখানা ব্যক্তিগতকৰণৰ বিৰোধিতাৰে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

চিৰিয়াখানাৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Feb 21, 2021, 4:42 PM IST

গুৱাহাটী,21 ফেব্ৰুৱাৰী: চিৰিয়াখানা ব্যক্তিগতকৰণৰ বিৰোধিতাৰে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ ৷ দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত শতাধিক সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰি, চিৰিয়াখানাৰ জীৱ-জন্তুক ব্যক্তিগত খণ্ডৰ হাতত হস্তান্তৰ কৰাৰ বিৰোধিতাৰে কৰে সংগঠনটোৱে ৷

চিৰিয়াখানাৰ বিভিন্ন সুৰক্ষাৰ ক্ষেত্ৰত মাত মাতি অহা সংগঠনটোৱে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সকিয়নী প্ৰদান কৰিছিল ৷ ৰাজহুৱা সম্পত্তি চৰকাৰে পৰিটালনা কৰিব নোৱাৰিলে ৰাইজৰ হাতত গটাই দিয়ক বুলি দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

চিৰিয়াখানাৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ
বিগত বছৰত চিৰিয়াখানাত মৃত্যু হোৱা বন্যপ্ৰাণীৰ লগতে 800হৰিণৰ তদন্ত, উমানন্দৰ পৰা চিকিৎসাৰ বাবে অনা সোণালী বান্দৰৰ সন্ধান দিয়ক, 2017 চনৰ পৰা চিৰিয়াখানাৰ বিভিন্ন স্থানত ভাঙি থকা দেৱাল নিৰ্মাণ কৰাৰ লগতে আম্বানিৰ হাতত কোনো কাৰণতে চিৰিয়াখানা গটাই দিয়া নহ'ব আদি বিভিন্ন শ্ল'গান দি হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: ছিপাঝাৰত ভূমিহীনৰ মাজত মাটিৰ পট্টা বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.