ETV Bharat / state

ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক : উদ্ধাৰ অভিযান ব্যস্ত SDRF বাহিনী

বৃহস্পতিবাৰৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন ৷ ইয়াৰ পিছতে নাৰেংগী চপাইদাং অঞ্চলৰ গণেশ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰা হয় যুৱকজনৰ স্কুটি সহ হেলমেট আৰু চেণ্ডেল ৷ পৰিয়ালৰ লোকে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ যুৱকজনৰ বুলি চিনাক্ত কৰাৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত পানীখাইটি আৰক্ষী থানাত অৱগত কৰে ৷

author img

By

Published : May 29, 2020, 5:11 PM IST

Missing youth in the Brahmaputra
ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক : উদ্ধাৰ অভিযান ব্যস্ত SDRF বাহিনী

গুৱাহাটী,29মে': ব্ৰহ্মপু্ত্ৰত সন্ধানহীন গুৱাহাটী নুনমাটিৰ এজন যুৱক ৷ সন্ধানহীন যুৱকজনৰ নাম নিখিল শৰ্মা ৷ জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন ৷ইয়াৰ পিছতে নাৰেংগী চপাইদাং অঞ্চলৰ গণেশ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰা হয় যুৱকজনৰ স্কুটি সহ হেলমেট আৰু চেণ্ডেল ৷ পৰিয়ালৰ লোকে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ যুৱকজনৰ বুলি চিনাক্ত কৰাৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত পানীখাইটি আৰক্ষী থানাত অৱগত কৰে ৷

ইপিনে আজি যুৱকজনৰ সন্ধানত ঘটনাস্থলীত পানীখাইটি আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও প্ৰাপ্ত খবৰ মতে বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনক ৷ আনহাতে ঘটনা সন্দৰ্ভত সন্ধানহীন নিখিল শৰ্মাৰ এগৰাকী বন্ধুৱে জানিবলৈ দিয়া মতে, নিখিল সন্ধানহীন হোৱাৰ আগে নিজ প্ৰেয়সীক ভইছ মেছেজ আৰু মেচেজ প্ৰেৰণ কৰিছিল ৷ ইয়াৰ লগতে পৰিয়ালৰ লোকক নিজৰ এখন চেল্ফি ফটো প্ৰেৰণ কৰিছিল ৷ কিন্তু প্ৰকৃততে ঘটনাৰ ৰহস্য কি সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব ৷

লগতে পঢ়কঃ লাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.