ETV Bharat / state

Third degree torture: চুৰিৰ প্ৰমাণ উলিয়াব নোৱাৰি যুৱকক কোবাই কোবাই চিকিৎসাধীন কৰিলে বশিষ্ঠ আৰক্ষীয়ে - সোণ চুৰিৰ অভিযোগ

বশিষ্ঠ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষীৰ প্ৰহাৰত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হ’বলগীয়া হ’ল এজন যুৱক ৷ ভাতৃৰ বিৰুদ্ধে দাখিল হোৱা চুৰিৰ গোচৰত যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ (Third degree torture) ৷

Third degree torture
আৰক্ষীৰ প্ৰহাৰত আহত যুৱক
author img

By

Published : Mar 27, 2023, 7:38 AM IST

আৰক্ষীৰ প্ৰহাৰত আহত যুৱক

গুৱাহাটী 27 মাৰ্চ: অসমৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক জনতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনেৰে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ সময়তে অসমত আৰক্ষীৰ নিৰ্যাতনৰ কেইবাটাও ঘটনাই এই আহ্বানক উপলুঙা কৰা পৰিলক্ষিত হৈছে ৷ অতি শেহতীয়াভাৱে এজন যুৱক থানাৰ ভিতৰত আৰক্ষীৰ প্ৰহাৰত আহত হৈ চিকিৎসাধীন হোৱাৰ অভিযোগ উঠিছে ৷ ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত (Police torture accused inside police station) ৷

চুৰিৰ অভিযোগত অভিযুক্ত যুৱকজনক আটক কৰিছিল বশিষ্ঠ আৰক্ষীয়ে ৷ কিন্তু তাৰ পাচতেই থানাৰ লক আপত সংঘটিত হয় ভয়ংকৰ ঘটনা । থানাৰ ভিতৰত থাৰ্ড ডিগ্ৰী প্ৰদান কৰা হৈছিল যুৱকজনক । আৰক্ষীৰ প্ৰহাৰত আহত হোৱা যুৱকজনক ভৰ্তি কৰিবলগীয়া হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ৷ আহত যুৱকজনৰ নাম অমিত হালৈ বুলি জানিব পৰা গৈছে । বশিষ্ঠ আৰক্ষী থানাৰ মাইদাংশ্ৰী বৰগয়াৰী নামৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যুৱকক থাৰ্ড ডিগ্ৰী প্ৰদানেৰে আহত কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে (Youth injured in Police torture)।

লগতে পঢ়ক: Suicide case in Goalpara: গৃহৰক্ষী জোৱানৰ অস্থায়ী কাৰ্যালয়ত জোৱানৰ আত্মহত্যা

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভেটাপাৰাৰ কল্যাণ শৰ্মা নামৰ মাটিৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা সোণ চুৰি হোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল অমিত হালৈৰ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে । আনকি সেই অভিযোগত অমিত হালৈৰ জেষ্ঠ ভাতৃ গ্ৰেপ্তাৰ হৈ জেললৈও যাবলগীয়া হৈছিল । কিন্তু শেহতীয়াকৈ অমিত হালৈৰ ভাতৃয়ে জামিন লাভ কৰাৰ পিচতে একেটা চুৰিৰ ঘটনাত সন্দেহৰ ভিত্তিত আৰক্ষীয়ে বশিষ্ঠৰ নিজ গৃহৰ পৰা যোৱা সোমবাৰে আটক কৰিছিল অমিত হালৈ নামৰ যুৱকজনক । তাৰ পিচতেই তদন্তৰ নামত থানাত অমিতৰ ওপৰত আৰক্ষীয়ে প্ৰয়োগ কৰে থাৰ্ড ডিগ্ৰী । এই থাৰ্ড ডিগ্ৰীতে অমিত হালৈ অসুস্থ হৈ ভৰ্তি হ’ব লগীয়া হয় চিকিৎসালয়ত (Allegation against Basistha police) ।

স্মৰ্তব্য যে, অমিত হালৈৰ জ্যেষ্ঠ ভাতৃয়ে কল্যাণ শৰ্মা নামৰ মাটিৰ ব্যৱসায়ীজনৰ ঘৰত ঘৰুৱা কাম-বনৰ সহায়ক হিচাবে প্ৰায় তিনি বছৰ ধৰি কাম কৰিছিল । ক’ভিদৰ সময়তো কেৱল পেটৰ তাড়ণাতে কল্যাণ শৰ্মাৰ ঘৰত কাম কৰিবলৈ গৈছিল যুৱকজন । কিন্তু পৰৱৰ্তী সময়ত সোণ চুৰিৰ অভিযোগ তুলি কল্যাণ শৰ্মাৰ পৰিয়ালে আৰক্ষীক গটাই দিয়ে অমিতৰ ভাতৃক ৷ ভাতৃয়ে জামিন পোৱাৰ পিচত পুনৰ সেই গোচৰত সন্দেহৰ আঙুলি উঠে অমিতৰ ওপৰত (Guwahati latest news) ৷

পৰিয়ালৰ অভিযোগ মতে, অমিতৰ বিৰুদ্ধে দাখিল হোৱা নাছিল কোনো এজাহাৰ ৷ অমিতৰ লগতে মাতৃ, বৌৱেক, দুই কণমানি ভতিজা আৰু আত্মীয়কো গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়া বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলিছে পৰিয়ালে ৷ ইয়াৰ লগতে সেই চুৰিৰ গোচৰত আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ কথাও অমিতৰ বৌৱেকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Assam youth died by heart attack at Karnataka : চলন্ত ৰেলৰ ভিতৰত অসমৰ যুৱকৰ শোকাৱহ মৃত্যু

যি সময়ত মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে আৰক্ষীক সাধৰণ ৰাইজক সহযোগ কৰাৰ বাবে আহ্বান জনায় আহিছে, তেনে সময়ত বশিষ্ঠ আৰক্ষীয়ে অতি দৰিদ্ৰ পৰিয়ালটোক মাটিৰ ব্যৱসায়ীৰ এক গোচৰত হাৰাশাস্তি কৰাৰ অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জ্যেষ্ঠ ভাতৃ জেলৰ পৰা মুকলি হৈ অহাৰ পিচতে কণিষ্ঠ ভাতৃ অমিত হালৈক আৰক্ষীয়ে আটক কৰি প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । সেয়েহে এই ঘটনা সন্দৰ্ভত ন্যায় প্ৰদানৰ বাবে আৰক্ষীৰ শীৰ্ষ বিষয়াক আহ্বান জনাইছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালটোৱে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.