ৰঙিয়া, 25 জুন : কেডাৰনাথলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে অসমৰ নগাঁৱৰ এজন যুৱকে ৷ বহুলোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু সুদূৰ কেডাৰনাথলৈ পদব্ৰজে যাত্ৰা আৰম্ভ কৰা যুৱকজন হৈছে নগাঁৱৰ জে এন বি ৰোডৰ পাপ্পু পাটেল ৷ 31 বছৰীয়া যুৱকজনে 19 জুনৰ দিনা আৰম্ভ কৰিছিল এই দুঃসাহসিক যাত্ৰা ৷ হাতত মাত্ৰ অলপমান টকা লৈ ঘৰৰ পৰা উত্তৰাখণ্ডৰ কেডাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিছিল নগাঁৱৰ যুৱকজনে ।
যুৱকজনে এই যাত্ৰাৰ নাম 'পেডেল যাত্ৰা' বুলি নামকৰণ কৰিছে আৰু পৱিত্ৰ কেদাৰনাথ ধামলৈ প্ৰত্যেক দিনে 25 ৰ পৰা 30 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি যাত্ৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে । কেডাৰনাথলৈ খোজকাঢ়ি দুঃসাহসিক যাত্ৰা আৰম্ভ কৰা যুৱকজনে শনিবাৰে ৰঙিয়াত উপস্থিত হয় ৷ ৰঙিয়াত মঙলবাৰে খোজকাঢ়ি কেডাৰনাথলৈ যাত্ৰা কৰা তীৰ্থযাত্ৰী যুৱকজনক অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে উস্ম আদৰণি জনায় ।
প্ৰায় 20 কেজি ওজনৰ বেগ পিঠিত কঢ়িয়াই খোজকাঢ়ি যোৱা যুৱকজন কিছুসময়ৰ বাবে উদিয়ানাৰ এখন দোকানত ৰৈ জিৰণি লয় আৰু উক্ত সময়ছোৱাত স্থানীয় যুৱকসকলে তেওঁৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বিষয়ে জানিবলৈ উৎসুকতা প্ৰকাশ কৰে বুলি কয় যুৱকজনে । স্থানীয় যুৱক কেইজনে তেওঁক ফলাহাৰ কৰোৱাৰ লগতে গামোচাৰে আদৰণি জনায় ।
উল্লেখ্য যে ৰাজপথৰ দাঁতিত থকা মন্দিৰ ন’হলে, হোটেলত নিশা কটায় পাপ্পু পাটেলে অব্যাহত ৰাখিছে এই কেডাৰনাথ যাত্ৰা । কেডাৰনাথলৈ প্ৰায় 2800 কিলোমিটাৰৰ দূৰত্ব পাপ্পুই দুমাহৰ পৰা তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।
লগতে পঢ়ক : consistency reservation for tribal : জনজাতিৰ বাবে বিধানসভা আসনৰ দাবী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ