গুৱাহাটী, ১৭ আগষ্ট: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘণ্য ঘটনা । এটা লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী । ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ সাতগাঁও অঞ্চলত । ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা সাতগাঁৱৰ বাহততলিৰ পৰা চাহিল আলি নামৰ লম্পটোক গ্ৰেপ্তাৰ কৰে (Rapist arrested at Satgaon in Guwahati)।
ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে(Satgaon Police Station) POSCO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্ত চাহিলক বুধবাৰে আদালতত হাজিৰ কৰায় ৷ আদালতৰ নিৰ্দেশ মৰ্মে অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । আৰক্ষী সূত্ৰে জানিব পৰা মতে গুৱাহাটীৰ এখন বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী কিশোৰী ছাত্ৰীয়ে মঙলবাৰে দিনৰ ভাগতে একেটা অঞ্চলৰে এগৰাকী সহপাঠীৰ ঘৰলৈ গৈছিল ।
সেই সময়ত সহপাঠী ছাত্ৰীগৰাকীৰ ভাতৃ তথা ঘটনাৰ মূল অভিযুক্ত চাহিল আলিৰ বাহিৰে ঘৰত নাছিল পৰিয়ালৰ কোনো লোক ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লম্পট চাহিল আলিয়ে কিশোৰী ছাত্ৰীগৰাকীক এটা কোঠালিলৈ বলপূৰ্বকভাবে টানি নিয়াৰ অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীয়ে (Molestation by friends brother in Guwahati)। কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি কোঠাৰ দুৱাৰ বন্ধ কৰি যৌন নিৰ্যাতন চলায় লম্পট চাহিলে ৷
তেনে সময়তে লম্পট যুৱকজনৰ মাতৃ ঘৰত উপস্থিত হৈ কিশোৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি মাত দিয়াত লম্পট চাহিলে ঘৰৰ দুৱাৰ খুলি পলায়ন কৰে । পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকীয়ে ঘৰলৈ আহি পিতৃ-মাতৃক সকলো কথা বিৱৰি কয় । ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে সাতগাঁও থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে নিশাই লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক: ধূলা কাণ্ডৰ তদন্তৰ বাবে মঙলদৈত উপস্থিত বিশেষ তদন্তকাৰী দল