ETV Bharat / state

Government Schools in Assam: শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ ৩১৪ খন প্রাথমিক বিদ্যালয় - চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা

এক সমীক্ষা অনুসৰি অসমৰ ৩১৪ খন প্ৰাথমিক বিদ্যালয় শিক্ষক অবিহনে চলি আছে । আনহাতে ৩,৭১৬ খন বিদ্যালয় কেৱল এজন শিক্ষকৰ দ্বাৰা চলি আছে ( Government schools in Assam)। এনে সময়তে অসমৰ চৰকাৰী বিদ্যালয়সমূহ পৰৱৰ্তী দহ বছৰত বন্ধ হৈ যাব পাৰে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে ৷ ইয়ং আছামৰ আহ্বায়কে এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক ৰ’ম দুর্ভাগ্যজনক আখ্যা দিয়ে ৷

Government Schools in Assam
শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ ৩১৪ খন প্রাথমিক বিদ্যালয়
author img

By

Published : Apr 20, 2022, 10:18 PM IST

গুৱাহাটী, ১৯ এপ্ৰিল : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চৰকাৰী বিদ্যালয়সমূহ পৰৱৰ্তী দহ বছৰত বন্ধ হৈ যাব পাৰে বুলি আগবঢ়োৱা মন্তব্যক চৰম দুর্ভাগ্যজনক আৰু অসমবাসীৰ বাবে পৰিতাপৰ বিষয় বুলি আখ্যা দিছে ইয়ং আছামৰ আহ্বায়ক সমিতিয়ে । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত অনুষ্ঠিত এক সংবাদমেলত ইয়ং আছামৰ আহ্বায়ক সুব্ৰত তালুকদাৰে(Young Assam advisor Subrata Talukdar) কয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে সেই মন্তব্য তেখেতৰ বিফলতাৰ অন্যতম নিদর্শন (Himanta Biswa Sarma's comments on government school)।

২০২১ চনৰ নৱেম্বৰ মাহৰ হিচাপ মতে অসমত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৫৬,৮৪,৪৮৭ (Students studying in government schools in Assam)। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সংস্থাৰ (ASPTA) এক সমীক্ষা অনুসৰি অসমৰ ৩১৪ খন প্ৰাথমিক বিদ্যালয় শিক্ষক অবিহনে চলি আছে । আনহাতে ৩,৭১৬ খন বিদ্যালয় কেৱল এজন শিক্ষকৰ দ্বাৰা চলি আছে । পাহাৰীয়া জিলাকেইখনক ধৰিলে এই সংখ্যা আৰু বেছি হ’ব ।

শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ ৩১৪ খন প্রাথমিক বিদ্যালয়

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ জিলাতে ৩৭ খন বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে । ২০২০ চনৰ প্ৰকাশিত এক তথ্য অনুসৰি অসমৰ ৩৬,৩৬২ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ২৭,৯০৭ খনত নাই বিদ্যুতৰ সংযোগ । ৫৭৩১ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ২,৪৬২ খনত আৰু ৪,৩১১ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৫২ খনতেই বিদ্যুতৰ ব্যৱস্থা নাই ।

২০২১ চনৰ অক্টোবৰ মাহৰ কেবিনেটৰ সিদ্ধান্তত ১৩,১২০ খন প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ সিদ্ধান্ত লোৱা হৈছে যদিও বাকী বিদ্যালয়সমূহৰ ক্ষেত্ৰত কি কৰা হ'ল সেই বিষয়ে একো জনা নাযায় (Infrastructure of government schools in Assam)। গতিকে এই পৰিস্থিতিত অভিভাৱকসকলে কি সাহসত নিজৰ ল'ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব সেইটো আজিৰ দিনত ডাঙৰ প্ৰশ্ন ।

পৰিকল্পিতভাৱে চৰকাৰী বিদ্যালয়সমূহ ধ্বংস কৰি অনা হৈছে যাতে অভিভাৱকে, নিজৰ ল'ৰা-ছোৱালীক বেচৰকাৰী বিদ্যালয়ত পঢ়াবলৈ বাধ্য হয় । শিক্ষাৰ নামত বেপাৰ কৰা পুঁজিপতিৰ লগত শাসকীয় চৰকাৰৰ সুসম্পৰ্কৰ ফলতেই চৰকাৰী বিদ্যালয়সমূহক পৰিকল্পিতভাৱে ধ্বংস কৰিবলৈ বিচৰা হৈছে বুলি মন্তব্য কৰে সুব্ৰত তালুকদাৰে । লগতে তেওঁ কয়, যদি দিল্লী আৰু কেৰালা চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত অভিভাৱকৰ বিশ্বাস অটুট ৰাখিব পাৰিছে তেনেহ'লে অসম চৰকাৰে কিয় নোৱাৰে সেইটো এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

মুখত বেলেগ কথা কৈ কামত বেলেগ কৰা বিজেপি চৰকাৰখনে সৰ্বশেষত নতুন শিক্ষা নীতি 2020 ৰ (New Education Policy 2020) জৰিয়তে চৰকাৰী শিক্ষা ব্যৱস্থাৰ কফিনত শেষৰটো গজাল মাৰিবলৈ চেষ্টা কৰিছে । নতুন শিক্ষানীতিৰ একমাত্ৰ উদ্দেশ্যই হৈছে শিক্ষাৰ সম্পূর্ণ ব্যক্তিগতকৰণ আৰু এই উদ্দেশ্য আগত ৰাখিয়েই মুখ্যমন্ত্ৰীয়ে অহা ১০ বছৰৰ ভিতৰত স্কুলসমূহ বন্ধ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । গতিকে আজিৰ দিনত নতুন শিক্ষা নীতিৰ বিৰোধিতা কৰাটো ৰাজহুৱা শিক্ষা ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ দাবী ।

আজি স্কুল বন্ধ কৰাৰ কথা কৈছে, কাইলৈ চৰকাৰী কলেজ-বিশ্ববিদ্যালয় বন্ধ কৰাৰ কথা আহিব । নতুন শিক্ষা নীতিৰ ১০.১ নম্বৰ দফা অনুসৰি ৩০০০ ছাত্ৰ-ছাত্ৰী নথকা মহাবিদ্যালয়সমূহকো বন্ধ কৰি বেলেগ মহাবিদ্যালয়ৰ লগত একলগ কৰি দিয়া হ'ব । যিহেতু নতুন শিক্ষা নীতিত শিক্ষা প্ৰদান অনলাইনযোগে কৰা হ'ব বুলি কোৱা হৈছে গতিকে ভৱিষ্যতে শিক্ষা খণ্ডত ৪০% চাকৰি কমি যাব । এয়া সংস্থাপনৰ দিশৰ পৰা এক বৃহৎ মাধমাৰ । এই মন্তব্য ইয়ং আছামৰ আহ্বায়কৰ ৷

তদুপৰি বিজেপি চৰকাৰখনে নতুন শিক্ষা নীতিৰ জৰিয়তে শিক্ষাৰ ব্যক্তিগতকৰণ আৰু গেৰুৱাকৰণ দুয়োটাই যে কৰিবলৈ বিচাৰিছে সেই কথাও এতিয়া স্পষ্ট হৈ পৰিছে । অনাগত দিনত জনজাতীয়, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ হাতত শিক্ষাৰ অধিকাৰ নোহোৱা হোৱাটো এশ শতাংশই নিশ্চিত ।

ইয়ং আছাম (শিক্ষা বচাওক, সংস্থাপন বচাওক)ৰ আহ্বায়ক কমিটিয়ে দাবী কৰে যে চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত অভিভাৱকৰ বিশ্বাস ঘূৰাই অনাৰ বাবে চৰকাৰীভাৱে বিশেষ আঁচনি তৈয়াৰ কৰাৰ লগতে দিল্লী, কেৰেলাৰ দৰে ৰাজ্যসমূহৰ চৰকাৰী শিক্ষা ব্যৱস্থা অধ্যয়ন কৰি তেনেকুৱা শিক্ষা মডেল গঠন কৰিবলৈ আৰু চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তি আন্তঃগাঁথনি শিক্ষাৰ মানদণ্ড উন্নীতকৰণ আদি বিষয়বোৰ ক্ষীপ্ৰতাৰে সমাধান কৰিবলৈ ।

লগতে পঢ়ক: পৰ্যাপ্ত ক্ৰয় কেন্দ্ৰৰ অভাৱত ধান বিক্ৰী কৰিব পৰা নাই বহু কৃষকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.