ETV Bharat / state

অখিল গগৈক লৈ শংকিত বিজেপিঃ যোগেন্দ্ৰ যাদৱ - নাগৰিকত্ব সংশোধনী আইন

গুৱাহাটী কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈক সাক্ষাৎ বিশিষ্ট সমাজকৰ্মী তথা স্বৰাজ অভিযানৰ প্ৰতিষ্ঠাপক সদস্য যোগেন্দ্ৰ যাদৱৰ ৷ যোগেন্দ্ৰ যাদৱৰ লগতে আন এক কৃষক নেতা অভিক সাহাও গুৱাহাটীত উপস্থিত হয় অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে ৷

Yogendra Yadav meet Akhil Gogoi in Guwahati
কাৰাবন্দী অখিল গগৈক সাক্ষাৎ বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ
author img

By

Published : Feb 14, 2020, 5:34 PM IST

গুৱাহাটী,14 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ এক অন্যতম গুৰি ধৰোতা কৃষক নেতা অখিল গগৈ আজিও কাৰাবন্দী ‘নিয়া’ৰ গোচৰত ৷ গুৱাহাটী কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈক সাক্ষাৎ বিশিষ্ট সমাজকৰ্মী তথা স্বৰাজ অভিযানৰ প্ৰতিষ্ঠাপক সদস্য যোগেন্দ্ৰ যাদৱৰ ৷ যোগেন্দ্ৰ যাদৱৰ লগতে আন এক কৃষক নেতা অভিক সাহাও গুৱাহাটীত উপস্থিত হয় অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে ৷ এই সাক্ষাতত দেশৰ কৃষক আন্দোলনৰ আগশাৰীৰ নেতা দুগৰাকীয়ে বিভিন্ন বিষয় সন্দৰ্ভত অখিল গগৈৰ লগত আলোচনা কৰাৰ কথা ব্যক্ত কৰে ৷

কাৰাবন্দী অখিল গগৈক সাক্ষাৎ বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ

দেশৰ জয় কিশান আন্দোলনৰ এক অন্যতম আন্দোলনকাৰী নেতা যোগেন্দ্ৰ যাদৱে অখিল গগৈ ‘নিয়া’ গোচৰত গ্ৰেপ্তাৰ হোৱাটোৱে অখিলক লৈ বিজেপি চৰকাৰে শংকাত ভুগিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে অখিলৰ লগত সমগ্ৰ দেশৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী জনতা আছে ৷ কাৰাগাৰৰ ভিতৰৰ পৰা অখিলে যুৱপ্ৰজন্মক আন্দোলনৰ নেতৃত্ব ল'বলৈ আহ্বান জনোৱা বুলিও উল্লেখ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে ৷ আনহাতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ দুই শীৰ্ষ নেতাই অখিল গগৈৰ উপৰিও কাৰাবন্দী হৈ থকা ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰকো সাক্ষাৎ কৰে ৷

আৰু পঢ়কঃআমি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিমঃ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.