ETV Bharat / state

International Day of Yoga: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

author img

By

Published : Apr 6, 2023, 6:32 PM IST

২১ জুনত দেশজুৰি উদযাপন হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Day of Yoga)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত ৭ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ কাউণ্টডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । যোগ দিৱসৰ কাৰ্যসূচী সম্পৰ্কে সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত সংবাদমেল সম্বোধন ।

International Day of Yoga
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

গুৱাহাটী, ৬ এপ্ৰিল : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অহা ২১ জুনত উদযাপন কৰা হ'ব (International Day of Yoga)। এই সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে এখন সংবাদমেল সম্বোধন কৰে । গুৱাহাটীৰ ভেটাপাৰাস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয় যে, হাজাৰ হাজাৰ বছৰ পূৰ্বে ঋষি-মুনিসকলে যোগ অভ্যাসৰ যোগেদি শৰীৰ-মন সুস্থ কৰি ৰখাৰ সত্য আৱিষ্কাৰ কৰিছিল (Sarbananda Sonowal Press meet on Yoga Day)।

তেতিয়াৰ পৰাই এই সত্যক সকলোৱে উপলব্ধি কৰি আহিছে । যোগ অভ্যাস কৰা ব্যক্তি সদায় নিৰোগী হৈ থাকিব পাৰে । যোগ হৈছে জীৱন । যোগ শৰীৰ, মন আৰু আত্মাৰ বিজ্ঞান । যোগ অভ্যাসৰ যোগেদি মানৱ সমাজে বিভিন্ন ৰোগৰ পৰা পৰিত্রাণ পাইছে আৰু জীৱনৰ বাটত আনন্দ বুটলিবলৈ সক্ষম হৈছে । তেওঁ কয় যে, এজন নিৰোগী ব্যক্তিয়ে মনে বিচৰা ধৰণে কাম কৰিব পাৰে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে বিশ্ববাসীক জনোৱা আহ্বানৰ পাছতে ২০১৫ চনৰ পৰা ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে ।

বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰই এই যোগ অভ্যাসত চামিল হৈছে । প্ৰতিবছৰে বিশ্বৰ বুকুত যোগৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । এইবাৰো যোগ দিৱস পালন কৰা হ'ব । ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আয়ুষ মন্ত্রণালয়ৰ তৰফৰ পৰা কৰা হৈছে । ইয়াৰ পূৰ্বে ১০০ দিনৰ, ৭৫ দিনৰ, ৫০ দিনৰ আৰু ২৫ দিনৰ কাউণ্ট ডাউনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এইবাৰ অসমত অসম চৰকাৰৰ সহযোগত আয়ুষ মন্ত্রণালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত কাইলৈ অৰ্থাৎ ৭ এপ্ৰিলৰ দিনা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ কাউণ্টডাউন কাৰ্যসূচী ৰূপায়ণ কৰিব (International Yoga Day 75 day countdown)।

এই কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । ত্রিপুৰাৰ মুখ্যমন্ত্রী আৰু অৰুণাচলৰ উপ-মুখ্যমন্ত্রীৰ উপৰিও কেন্দ্ৰীয় মন্ত্রী ৰাজকুমাৰ সিং আৰু ৰামেশ্বৰ তেলী, অসমৰ স্বাস্থ্যমন্ত্রী, মণিপুৰৰ স্বাস্থ্যমন্ত্রী, অৰুণাচলৰ স্বাস্থ্যমন্ত্রী, অসমৰ উদ্যোগ মন্ত্রী, মেঘালয়ৰ স্বাস্থ্যমন্ত্রী, ছিকিমৰ স্বাস্থ্যমন্ত্রীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব (Yoga day celebration in DU)।

তেওঁ চৰকাৰী কাৰ্যালয়ৰ উপৰিও বেচৰকাৰী তথা ঔদ্যোগিক খণ্ডক যোগ অভ্যাসৰ সৈতে জড়িত হোৱাৰ বাবে আহ্বান জনায় । লগতে তেওঁ সকলো স্তৰৰ লোকক যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় । য‍াতে যোগ অভ্যাসৰ যোগেদি সমাজৰ মংগল হয় । তেওঁ লগতে কয় যে, যোগৰ জৰিয়তে কৰ্মসংস্থাপনৰ বাট মুকলি হৈছে । সংবাদমেলত বিভাগীয় কেইবাজনো বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :Assam Police: পূৰ্ণাংগ আৰক্ষীত পৰিণত হ’ল নৱ নিযুক্ত 1715 গৰাকী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.