ETV Bharat / state

বিশ্ব স্বাস্থ্য দিৱসত 'যােগ অমৃত মহােৎসৱ' উদযাপন কৰিব আয়ুষ মন্ত্রালয়ে - আজাদী কা অমৃত মহোৎসৱ

৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আৰু ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৭৫ টা দিন বাকী থকা অৱস্থাত আয়ুষ মন্ত্রালয়ে উদযাপন কৰিব 'যােগ অমৃত মহােৎসৱ' (Yoga Amrit Mahotsav) ৷ সমগ্ৰ দেশৰ ৭৫ টা উল্লেখযোগ্য স্থানত যোগ দিৱসৰ কাৰ্যসূচী পালনৰ প্ৰস্তাৱ দিছে আয়ুষ মন্ত্ৰালয়ৰ । যোগ দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Yoga Amrit Mahotsav
বিশ্ব স্বাস্থ্য দিৱসত 'যােগ অমৃত মহােৎসৱ' উদযাপন কৰিব আয়ুষ মন্ত্রালয়ে
author img

By

Published : Apr 5, 2022, 10:13 PM IST

গুৱাহাটী, ৫ এপ্ৰিল: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে (Ministry of Ayush) ইয়াৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে মিলি ১০০ দিনৰ কাউন্টডাউন কার্যসূচী প্ৰস্তুত কৰিছে । য'ত ১০০ টা সংগঠনে দেশৰ ১০০ টা স্থানত যোগৰ প্ৰচাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে । ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আৰু ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৭৫ টা দিন বাকী থকা অৱস্থাত লালকিল্লাৰ ১৫ আগষ্ট পার্কত পুৱা ৬.৩০ বজাৰ পৰা ৮ বজালৈ যোগ প্ৰদর্শনৰ বাবে এক বিশাল কাৰ্যসূচী নির্ধাৰণ কৰা হৈছে (Yoga Amrit Mahotsav)।

লোকসভাৰ অধ্যক্ষ ওম বিৰলা এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । অনুষ্ঠানটোত ভাৰত চৰকাৰৰ মন্ত্ৰীবর্গ, সাংসদ, দিল্লীত নিয়োজিত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, প্ৰসিদ্ধ ক্ৰীড়াবিদ আৰু যোগগুৰুসকলে অংশগ্ৰহণ কৰিব । এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০১৪ চনত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত লৈছিল । যোগৰ এই বিশ্বব্যাপী গ্ৰহণযোগ্যতা আমাৰ দেশৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে কিয়নো যোগ আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ ।

প্ৰতি বছৰে ২১ জুনৰ দিনটোত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Day of Yoga) উলহ-মালহেৰে উদযাপিত হৈ আহিছে । য'ত ব্যাপক ৰূপত যোগ প্ৰদর্শন কার্যসূচী ৰূপায়ণ কৰা হয় আৰু এনে সৰ্বগ্ৰহণযোগ্য, সৰ্বজনপ্ৰিয় অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবলভাৱে বহন কৰি আহিছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে নিজে যোগাভ্যাস কৰাৰ উপৰি যোগ প্ৰদর্শন কার্যসূচীত অংশগ্ৰহণেৰে যোগক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত কৰিবৰ বাবে বিশ্বৰ মানৱ সমাজক উদ্বুদ্ধ কৰিছে ।

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত আৰু সুদূৰপ্ৰসাৰী কৰি তোলাৰ লক্ষ্যৰে আয়ুষ মন্ত্ৰালয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিছে । এইক্ষেত্ৰত সকলো পক্ষ, প্ৰতিগৰাকী নাগৰিকৰে সক্ৰিয় অংশগ্ৰহণ কৰাটো তেওঁ আন্তৰিকতাৰে কামনা কৰে । উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৭৫ দিনৰ পূৰ্বেই উদযাপন কৰাটো অতিকৈ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে । যোগ দিৱস উদযাপনৰ বাবে দায়িত্ববাহী আয়ুষ মন্ত্ৰালয়ে ৭৫ দিনীয়া উক্ত কাৰ্যসূচীৰ জৰিয়তে "স্বাস্থ্য আৰু কল্যাণৰ বাবে জন আন্দোলন"ক অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে ।

আগন্তুক অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ‘আজাদী কা অমৃত মহোৎসৱ’ বৰ্ষৰ সৈতে সম্পৃক্ত । সেয়ে আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ ৭৫ টা উল্লেখয়োগ্য স্থানত যোগ দিৱসৰ কাৰ্যসূচী পালনৰ প্ৰস্তাৱ দিছে । এই কাউন্টডাউন কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু যোগ দিৱস উদযাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপে সৰ্বস্তৰৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে সোণোৱালে সতীৰ্থ মন্ত্ৰীসকলৰ সৈতেও 'যোগ অমৃত মহোৎসৱ' উদযাপন সন্দৰ্ভত আলোচনাত মিলিত হৈছে ।

লগতে পঢ়ক: কাৰ চান্দা প্ৰীতিৰ বাবে গুৱাহাটীবাসীয়ে খোৱা পানী নোপোৱাৰ কথা কৈছে লুৰীণে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.