ETV Bharat / state

28 দিনৰ অন্তত মঙলবাৰৰ পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কাম কাজ

জনতা ভৱনত পুনৰ কাম কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

Work will resume from 21 april at Janata bhawan
28 দিনৰ অন্তত মঙলবাৰৰ পৰা পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কাম কাজ
author img

By

Published : Apr 20, 2020, 1:19 PM IST

Updated : Apr 22, 2020, 10:06 AM IST

গুৱাহাটী, 20 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে যোৱা 24 মাৰ্চৰ পৰা লক ডাউন ঘোষণা কৰাৰ পাছৰে পৰা বন্ধ হৈ আছে জনতা ভৱনৰ সকলো কাম কাজ ৷ কিন্তু সম্পূৰ্ণ 28 দিনৰ পাছত অহা মঙলবাৰ পৰা অৰ্থাৎ 21 এপ্ৰিলৰ পৰা জনতা ভৱনত পুনৰ কাম কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ লগতে অসমত কৰ'ণা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত কম হোৱাৰ বাবেই লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

Work will resume from 21 april at Janata bhawan
28 দিনৰ অন্তত মঙলবাৰৰ পৰা পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কামকাজ

উল্লেখ্য যে মঙলবাৰৰ পৰা জনতা ভৱনত চৰকাৰী কাম কাজ পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰে বান্ধি দিছে কিছুমান নীতি নিয়ম ৷ গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মঙলবাৰৰ পৰা জনতা ভৱনত মন্ত্ৰী,বিধায়কৰ লগতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কৰ্মচাৰীৰ উপস্থিতিত পুনৰ আৰম্ভ হ'ব কাম ৷

28 দিনৰ অন্তত মঙলবাৰৰ পৰা পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কাম কাজ

ইয়াৰ উপৰিও মন্ত্ৰী,বিধায়ক,প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে 33 শতাংশ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ কৰ্মচাৰী উপস্থিত থাকিব জনতা ভৱনত ৷ আনহাতে জনতা ভৱনৰ ভিতৰত সম্পূৰ্ণ সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি কাম কৰিব লাগিব সকলো কৰ্মচাৰীয়ে ৷

লগতে পঢ়কঃ ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ আমগুৰিত দুৰ্নীতিগ্ৰস্ত দোকানীৰ বিৰুদ্ধে এজাহাৰ

Last Updated : Apr 22, 2020, 10:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.