ETV Bharat / state

Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি

author img

By

Published : Dec 11, 2021, 2:31 PM IST

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ত মহিলা বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি । ইতিমধ্যে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Guwahati Medical College Hospital)ত ভৰ্তি কৰোৱা হৈছে ৷ মহিলাগৰাকী অ’মিক্ৰণত আক্ৰান্ত হয়নে নহয়, সেয়া স্পষ্ট হোৱা নাই ৷

Lokpriya Gopinath Bordoloi International Airport
লণ্ডনৰ পৰা গুৱাহাটীলৈ অহা মহিলাৰ দেহত ক'ভিড 19

গুৱাহাটী, 11 ডিচেম্বৰ : অ’মিক্ৰণৰ আতংকই এতিয়া সমগ্ৰ বিশ্ব গ্ৰাস কৰিছে । সাৰি যোৱা নাই অসমো । ইয়াৰ মাজতে ৯ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ (Lokpriya Gopinath Bordoloi International Airpor)ত লণ্ডনৰ পৰা আহি অৱতৰণ কৰা এগৰাকী মহিলাৰ শৰীৰত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি (Identified covid positive case) ৷

বৃহস্পতিবাৰে নিশা বিদেশ ভ্ৰমণৰ পৰা অহা মহিলাগৰাকী ক’ভিড 19 ত আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পাচত বৰঝাৰ বিমানবন্দৰত একপ্ৰকাৰ আতংকৰ সৃষ্টি হয় । এই বাতৰি লাভ কৰাৰ পাচতেই আৰু অধিক তৎপৰ হৈ পৰে অসম চৰকাৰ তথা স্বাস্থ্য বিভাগ ৷ এন এইচ এমৰ অসমৰ মিছন ডাইৰেক্টৰ ডঃ লক্ষ্মনন এছে এই কথা সদৰী কৰি ই টিভি ভাৰতক কয় যে, ইতিমধ্যে উক্ত মহিলা গৰাকী ক'ভিডত আক্ৰান্ত বুলি নিশ্চিত হৈছে যদিও তেওঁ অ’মিক্ৰণতো আক্ৰান্ত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

অ’মিক্ৰণৰ অৱস্থিতি ধৰা পেলাবলৈ তেওঁৰ তেজৰ নমুনা ইতিমধ্যে কলিকতালৈ প্ৰেৰণ কৰা হৈছে । সম্প্ৰতি মহিলা গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Guwahati Medical College Hospital)ত সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

অ’মিক্ৰণৰ আতংকই সমগ্ৰ বিশ্ব গ্ৰাস কৰাৰ সময়ত অসমৰ স্বাস্থ্য বিভাগে অৱশ্যে প্ৰথমৰে পৰাই এই ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে । বিদেশৰ পৰা অহা সকলো যাত্ৰীৰে তেজৰ নমুনা পৰীক্ষণৰ লগতে তেওঁলোকৰ বাবে কোৱাৰেন্টাইন বাধ্যতামূলক কৰা হৈছে ।

উল্লেখ্য যে, ৭ ডিচেম্বৰত ৩৫ বছৰীয়া মহিলাগৰাকীয়ে পোনতে লণ্ডনৰ পৰা পঞ্জাৱৰ অমৃতসৰত উপস্থিত হয় ৷ তাৰ পাচতে পাটনা হৈ গুৱাহাটী অভিমুখে SG ৭২৪ নম্বৰ বিমানযোগে আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰে । বৰঝাৰ বিমানবন্দৰত থকা স্ক্ৰীনিং চেণ্টাৰত মহিলাগৰাকীৰ দেহত দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে (Covid Positive Case)।

লগতে পঢ়ক : Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.