গুৱাহাটী,17 অক্টোবৰ : শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ আদাবাৰী বাছ আস্থানত সংঘটিত হয় এক কৰুণ ঘটনা । যাত্ৰীবাহী বাছত হঠাৎ মৃত্যু হয় এগৰাকী মহিলাৰ। মহিলাগৰাকীৰ নাম মজিৰান বেগম বুলি জানিব পৰা গৈছে।
চিকিৎসালয়ৰ পৰা বৰপেটাৰ ঘৰলৈ যোৱাৰ উদ্দেশ্যে বাছ আস্থানত উপস্থিত হৈছিল মহিলাগৰাকীসহ তেওঁৰ স্বামী আৰু মাতৃ । স্বামীয়ে জনোৱা মতে,বিগত এমাহ পূৰ্বে এটি সন্তান জন্ম দিয়াৰ পাচত অসুস্থ হৈ পৰা পত্নী মজিৰান বেগমক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছিল ।
কিন্তু চিকিৎসালয়ৰ পৰা উভতি অহা অৱস্থাতে মৃত্যু হয় মহিলা গৰাকীৰ । ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : ডিচেম্বৰত অনুষ্ঠিত হ’ব বি টি চি নিৰ্বাচন