ETV Bharat / state

Lok sabha election 2024: মিত্ৰ দলৰে আনুষ্ঠানিক বৈঠক বাকী; আসনৰ হিচাপ-নিকাচ সম্পূৰ্ণ ৰাজ্যিক বিজেপিৰ - UPPL Pramod Boro

লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজাকৈ ১১টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । মিত্ৰদল অগপক দুখন আৰু UPPLক দিব এখন আসন । আসন ভাগ-ৱাটোৱাৰাক লৈ শনিবাৰে হ'বলগীয়া বিজেপি মিত্ৰদলৰ বৈঠক হ'ব দেৱালীৰ পাছতহে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ বাবে পিছুৱাই দিয়া হৈছে বৈঠক । বিগ ব্ৰাদাৰ বিজেপিয়ে অগপক বিচৰা ধৰণে সমষ্টি দিব বিচৰা নাই । মিত্ৰদলৰে আলোচনাৰ পূৰ্বেই আসন ভাগ-বাটোৱাৰক লৈ সাজু বিজেপি ৷

Lok sabha election 2024
Lok sabha election 2024
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:18 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ: মাথো আনুষ্ঠানিকতাহে বাকী ! মিত্ৰদল অগপ আৰু UPPLক কেইখন আসন দিব সেয়া বিগ ব্ৰাদাৰ বিজেপিয়ে ঠিক কৰিছে যদিও আনুষ্ঠানিক বৈঠকহে হ'বলৈ বাকী আছে । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-ৱাটোৱাৰাক লৈ বিজেপি, অগপ আৰু UPPLৰ মাজত শনিবাৰে বৈঠক হোৱাৰ কথা আছিল । কিন্তু‍ বহু চৰ্চিত বৈঠকখন পিছুৱাই দিয়া হৈছে ।

দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰথম অৱস্থাত ১১ নৱেম্বৰত বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া দেৱালীৰ পিছতহে গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এতিয়াও নিৰ্দিষ্ট দিন আৰু সময় নিৰ্ধাৰিত হোৱা নাই । জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ বাবেই বৈঠকখন পিছুৱাই দিয়া হৈছে । মুখ্যমন্ত্ৰীৰ সময় আৰু সুবিধা অনুসৰি তিনি মিত্ৰদলৰ আসন বুজাবুজিৰ বৈঠকখন অনুষ্ঠিত হ'ব । দলীয় সূত্ৰৰ মতে সোমবাৰে বৈঠকখন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লক্ষণীয় বিষয় যে বৈঠকখন নোহোৱাৰ পৰিপ্ৰেক্ষিতত মিত্ৰদলৰ মাজত বিশেষকৈ বিজেপি আৰু অগপৰ মাজত মতান্তৰ দেখা গৈছে । অৱশ্যে মিত্ৰদল UPPLৰ লগত কোনো ধৰণৰ মতান্তৰ হোৱা নাই । কাৰণ বিজেপিয়ে UPPLক কোকৰাঝাৰ সমষ্টিটো এৰি দিব । বিশেষভাৱে অসন্তুষ্টি দেখা দিছে অগপত । কাৰণ বিগ ব্ৰাদাৰ বিজেপিয়ে অগপক বিচৰা ধৰণে সমষ্টি দিব বিচৰা নাই ।

আনহাতে মিত্ৰদলৰে আলোচনা কৰাৰ পূৰ্বেই বিজেপিয়ে আসন ভাগ-বাটোৱাৰক লৈ ব্লুপ্ৰিণ্ট সাজু কৰিছে । সেই অনুসৰি লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজাকৈ ১১ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি মিত্ৰদল অগপক দুখন আৰু UPPLক এখন আসন এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বিজেপিয়ে আসনৰ ভাগ-বাটোৱাৰাৰ লগতে নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যেৰে মিত্ৰজোঁটৰ বৈঠকৰ আয়োজন কৰিছে । কিন্তু এতিয়াও দিন ঠিক কৰিব পৰা নাই । অৱশ্যে সকলো ঠিকে থাকিলে সোমবাৰে বৈঠকখন হোৱাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া বৈঠকত অগপ আৰু UPPLৰ সভাপতি তথা বিষয়ববীয়াসকলো উপস্থিত থাকিব । বৈঠকত আসনৰ বুজাবুজি সন্দৰ্ভত প্ৰাৰম্ভিক সিদ্ধান্তত উপনীত হ'ব মিত্ৰদল তিনিটা ।

লগতে পঢ়ক: AGP in Lok Sabha Election: অগপৰ মন ভাল লগালে ভৱেশ কলিতাই; এখন আসনত হ’লেও জিকাব অগপক

তদুপৰি লোকসভা নিৰ্বাচনৰ বাবে কিদৰে উমৈহতীয়াকৈ প্ৰচাৰ অভিযানৰ সূচনা কৰিব, কি কি বিষয় লৈ ভোটাৰৰ কাষলৈ যাব আদি বিষয় বিতংভাৱে আলোচনা কৰা হ'ব বৈঠকত । উল্লেখ্য যে বিজেপি মিত্ৰজোঁটে কমেও ১২খন আসন দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজাকৈ ৰণকৌশল গ্ৰহণ কৰাৰ বিপৰীতে অগপই মিত্ৰতাৰ ভিত্তিত চাৰিখন আসন দাবী কৰিছে ।

উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি অগপক এৰি দিছিল বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী সমষ্টি । আনহাতে সেই সময়ৰ মিত্ৰদল বি পি এফক এৰি দিছিল কোকৰাঝাৰ সমষ্টি । বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে ৯ খন আসনত জয়ী হোৱাৰ বিপৰীতে অগপই এখন আসনো দখল কৰিব নোৱাৰিলে । এইবাৰ যাতে ২০১৯ৰ পুনৰাবৃত্তি নহয় তাৰ বাবে অগপই জয়ী হ’ব পৰা আসন বিজেপিৰ পৰা দাবী কৰি আহিছে । আঞ্চলিক দলটোৱে বিচৰা সমষ্টিৰ ভিতৰত আছে তেজপুৰ, কাজিৰঙা, বৰপেটা আৰু গুৱাহাটী ।

আনহাতে UPPL এ কোকৰাঝাৰৰ লগতে দৰং-ওদালগুৰি সমষ্টিও পাবলৈ আশা পুহি ৰাখিছে । অৱশ্যে মিত্ৰদল দুটাই এইদৰে সমষ্টি দাবী কৰিলেও বিজেপিয়ে অগপক দুটা আৰু UPPLক এটা সমষ্টি এৰি দিব বিচাৰিছে । দলীয় সূত্ৰই জনোৱা মতে মিত্ৰতাৰ ভিত্তিত অগপই লাভ কৰাৰ সম্ভাৱনা আছে তেজপুৰ আৰু ধুবুৰী । বিজয়ী হ’ব পৰা সমষ্টি হিচাপে তেজপুৰ অগপৰ বাবে এৰি দিবলৈ বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অৱশ্যে সংখ্যালঘুপ্ৰধান ধুবুৰী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ বিজয়ৰ সম্ভাৱনা নাই । অর্থাৎ অগপক দুখন আসন প্ৰদান কৰিলেও ইয়াৰে এখনতহে জয়ী হোৱাৰ সম্ভাৱনা থাকিব আঞ্চলিক দলটোৰ । ইফালে দুখন আসন বিচাৰিলেও UPPLক অকল কোকৰাঝাৰ সমষ্টি এৰি দিব বিজেপিয়ে । ইয়াৰ বিপৰীতে বিজেপিয়ে নিজে এঘাৰখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

কিন্তু অগপই কাজিৰঙা সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে । কাৰণ সমষ্টিটোত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তক প্ৰাৰ্থিত্ব দিব বিচাৰিছে অগপই । কিন্তু বিজেপিয়ে কাজিৰঙা সমষ্টি এৰি দিয়াৰ কোনো সম্ভাৱনা নাই । বিজেপিয়ে ইতিমধ্যে নিজৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে । মিত্ৰদলৰে বৈঠক মাথো এক আনুষ্ঠানিকতাহে মাত্ৰ ।

সেই আনুষ্ঠানিকতাৰ বৈঠকখন সোমবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । সেই বৈঠকৰ পাছতেহে গম পোৱা যাব যে অগপই নিজৰ স্থিতিত অটল থাকিব নে বিজেপিৰ ওচৰত আত্মসমৰ্পন কৰিব ।

লগতে পঢ়ক: Lok Sabha Election 2024 : বিজেপিৰ লগত একেটা পৰিয়ালৰ লগত আছো যিহেতু এডজাষ্টমেন্ট কৰিবই লাগিব : অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.