ETV Bharat / state

Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ - কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন

পাঁচদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla arrives Guwahati)। লোকসভাৰ অধ্যক্ষগৰাকীয়ে শনিবাৰে অসম বিধানসভাত উদ্বোধন কৰিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন । যি সন্মিলনত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

Om Birla in Guwahati
পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ
author img

By

Published : Apr 8, 2022, 9:28 PM IST

Updated : Apr 8, 2022, 9:51 PM IST

গুৱাহাটী, ৮ এপ্ৰিল: পাঁচদিনীয়া ব্যস্ততাপূৰ্ণ কাৰ্যসূচী হাতত লৈ শুকুৰবাৰে নিশা প্ৰায় আঠ বজাত গুৱাহাটীত আহি উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla arrives Guwahati)। বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগেলগে অধ্যক্ষগৰাকীক আদৰণি জনায় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে । লোকসভাৰ অধ্যক্ষগৰাকীৰ সৈতে একেলগে আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাও ।

উল্লেখযোগ্য যে, এই পাঁচদিনীয়া ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে শনিবাৰে পুৱা ৯ বজাত লোকসভাৰ অধ্যক্ষগৰাকীয়ে অসম বিধানসভাত উদ্বোধন কৰিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন (Commonwealth Parliamentary Association mid year executive committee meeting) । যি সন্মিলনত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰে ঘানা, ব্ৰিটেইন, মালায়েছিয়া, টাঞ্জানিয়াকে ধৰি ১২ খন‌ দেশৰ প্ৰতিনিধি ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ।

বাকীকেইখন দেশৰ প্ৰতিনিধিয়ে এই সন্মিলনত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব । 9 এপ্ৰিল আৰু 10 এপ্ৰিল দুয়োদিনাই চলিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ এই সন্মিলন ।

১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব ইণ্ডিয়ান পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সন্মিলন । এই শেষৰ দুদিনৰ সন্মিলনত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিধানসভাসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু প্ৰধান সচিবসকল উপস্থিত থাকিব । ৯ ৰ পৰা ১২ এপ্ৰিললৈকে গুৱাহাটীত চলিবলগীয়া এই চাৰিওদিনৰ সন্মিলনত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা । ইয়াৰোপৰি শনিবাৰে লোকসভাৰ অধ্যক্ষগৰাকীয়ে দৰ্শন কৰিব কামাখ্যা মন্দিৰো ।

লগতে পঢ়ক: দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক হ'ব উত্তৰ-পূবৰ ৰাজ্যসমুহত: অমিত শ্বাহ

Last Updated : Apr 8, 2022, 9:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.