ETV Bharat / state

অসমত এটা দশকত শতাধিক বনৰীয়া হাতীৰ অকাল মৃত্যু - Railway Authority of north east

১২ আগষ্টত প্ৰতি বছৰে পালন কৰি অহা হৈছে হস্তী দিৱস। ইয়াৰ পিছতো ২০১০ চনৰ পৰা ২০২০ চনলৈকে ৰাজ্যখনৰ বিভিন্ন প্রান্তত ভিন্ন কাৰণ ১১৭ টা বনৰীয়া হাতীৰ অকাল মৃত্যু ঘটিছে(Wild elephant death in assam)। এই তথ্য় সদৰী কৰিছে স্বয়ং বন বিভাগে ।

Wild elephant death in assam
অসমত এটা দশকত শতাধিক বনৰীয়া হাতীৰ অকাল মৃত্যু
author img

By

Published : Aug 24, 2022, 6:22 PM IST

গুৱাহাটী, ২৪ আগষ্ট: অসমত বন্যহস্তীৰ বাসস্থান সংকুচিত হোৱাৰ ফলত বিভিন্ন কাৰণত অকাল মৃত্যু ঘটিছে বনৰীয়া হাতীৰ(Wild elephant habitat decreased in Assam)।বছৰৰ পাছত বছৰ ধৰি বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট,বিষক্রিয়া,মানুহৰ আক্ৰমণ চাহ বাগিচাৰ নলাত পৰি আৰু দ্রুতগামী ৰে'লৰ খুন্দাত অকাল মৃত্যু ঘটি আহিছে । হৃদয় বিদাৰক খবৰ যে ৰাজ্যখনত এটা দশকৰ ভিতৰত শতাধিক বনৰীয়া হাতীয়ে মৃত্যুক(Hundreds wild elephants die in a decade)সাৱটি লৈছে ।

বন বিভাগৰ তথ্য(Forest Department Data)মতে,২০১০চনৰ পৰা ২০২০ চনলৈকে ৰাজ্যখনৰ বিভিন্ন প্রান্তত ভিন্ন কাৰণ ১১৭ টা বনৰীয়া হাতীৰ অকাল মৃত্যু ঘটিছে । ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ৰে'লৰ খুন্দাত বৃহৎ সংখ্যক বনৰীয়া হাতীয়ে দুর্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লৈছে । ৰে'ল কর্তৃপক্ষই কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা আৰু দ্রুতগামী ৰেলৰ গতিবেগ নিয়ন্ত্রণ নকৰাৰ ফলত শোণিতপুৰৰ বামগাঁও,হোজাই হাৱাইপুৰত আৰু লামডিঙৰ দৰে ঠাইত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ৷

উল্লেখ্য় যে ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৩৭ টাৰো অধিক বনৰীয়া হাতী ৰে'লৰ খুন্দাত মৃত্যু ঘটাত ৰেল কর্তৃপক্ষ(Railway Authority of north east)বাৰম্বাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । তথ্য মতে, ২০১৬-১৭ বৰ্ষত উত্তৰ অসম বন সংমণ্ডলৰ অধীনত থকা ছয়টা সংমণ্ডল ক্রমে নগাঁও,হোজাই,শোণিতপুৰ, বিশ্বনাথ,লখিমপুৰ আৰু ধেমাজি সংমণ্ডলত ৩৩টা হাতীৰ অকাল মৃত্যু ঘটিছে ।

প্রাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাত ৬টা,লখিমপুৰ জিলাত ৬টা,বিশ্বনাথ জিলাত ২টা,হোজাই জিলাত ৭টা,নগাঁও জিলাত ১২টা হাতী মৃত্যু হৈছে । আনহাতে,গোলাঘাট জিলাৰ গোলাঘাট বন সংমণ্ডলৰ অধীনত বিগত ১০ বছৰত বিদ্যুতৰ তাঁৰ আৰু চাহ বাগিচাৰ নলাত পৰি কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু ঘটিছে । গোৱালপাৰা জিলাত বিগত দহ বছৰত ৩০টা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে । একেদৰে ২০১০ চনত ১টা,২০১১ চনত ৬টা,২০১২ চনত ২টা,২০১৩ চনত ২টা,২০১৪ চনত ৪টা,২০১৬ চনত ৫টা,২০১৭ চনত ২টা,২০১৮ চনত ১টা,২০১৯ চনত ৫টা আৰু ২০১০ চনত ২টা বনৰীয়া হাতী মৃত্যু ঘটে । তথ্য় অনুসৰি ডিব্ৰুগড় জিলাত ১৩টা আৰু বিশ্বনাথত ৩০টা বনৰীয়া হাতীৰ মৃত্যু হৈছে ।

উল্লেখ্য় যে ১২ আগষ্টৰ দিনটো প্ৰতি বছৰে পালন কৰি অহা হৈছে হস্তী দিৱসৰূপে(Elephant Day)। কিন্তু হাতীৰ এনেদৰে কৰুণ মৃত্যু অব্যাহত থাকিলে এদিন হয়তো হস্তী দিৱসৰ প্ৰাংসগিকতা নোহোৱা হৈ পৰিব বুলি প্ৰকৃতিপ্ৰেমীসকলে আশংকা কৰিছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল মহানগৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.