ETV Bharat / state

Rapido, Ola & Uber: বিবুধিত পৰিছে মহানগৰীৰ app নিয়ন্ত্ৰিত চালক - Rapido Ola & Uber

দূৰত্ব বাঢ়িছে app নিয়ন্ত্ৰিত বাহনত যাত্ৰা কৰা যাত্ৰী আৰু চালকৰ মাজত ৷ পিছে কাৰ ভুলৰ বাবে যাত্ৰী আৰু চালকৰ মাজত বৃদ্ধি পাইছে দূৰত্ব(Why do Uber Ola and repido drivers ask users to cancel rides ?) ?

Rapido Ola Uber Drivers are facing difficulties
বিবুধিত পৰিছে মহানগৰীৰ একাংশ ৰেপিড’ চালক
author img

By

Published : Dec 23, 2021, 10:15 PM IST

গুৱাহাটী, 23 ডিচেম্বৰ: পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে সৰ্বস্তৰৰ ৰাইজক ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি এতিয়া মহানগৰীত ৰেপিড’, উবেৰ, অ'লাৰ একাংশ চালক আৰু যাত্ৰীৰ মাজত প্ৰায়ে সংঘটিত হয় সংঘাটৰ ৷

ইফালে বিভিন্ন সময়ত যাত্ৰীক একাংশ চালকে হাৰাশাস্তি কৰি অহাৰ অভিযোগও উত্থাপন হৈছে ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ গইনা লৈ মহানগৰীৰ app নিয়ন্ত্ৰিত cab অথবা bike ৰ একাংশ চালকে যোৱা সময়চোৱাত যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া দাবী কৰি অহাৰ বাতৰিও দেখিবলৈ পোৱা যায় ৷

বুকিঙৰ সময়ত দেখুওৱা ভাড়াতকৈ দাবী ধমকিৰে একাংশ চালকে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ভাড়াক কেন্দ্ৰ কৰিয়েই বহু সময়ত চালকে যাত্ৰীক ৰখাই থোৱাৰো উদাহৰণ আছে বহুতো ৷ অধিক সময়ত চালক সকলে যাত্ৰীক বুকিং বাতিল কৰিবলৈয়ো বাধ্য কৰায় (Why do Uber Ola and repido drivers ask users to cancel rides ?)৷ এনেবোৰ কাৰণৰ বাবেই এতিয়া প্ৰায়েই যাত্ৰী চালকৰ মাজত সংঘাটৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হয় ৷

বিবুধিত পৰিছে মহানগৰীৰ একাংশ ৰেপিড’ চালক

আনহাতে, এই সম্পৰ্কে সদৌ অসম বাইক টেক্সি অপাৰেটৰ্চ ইউনিয়নৰ সম্পাদক ভাৰ্গৱ বৰাই উক্ত অভিযোগৰ সম্পৰ্কত ক’লে, ৰেপিড’, উবেৰ, অ'লা_ এই তিনিওটা কোম্পানীৰ ভুলৰ বাবেই বৰ্তমান একাংশ চালকে যাত্ৰীৰ পৰা অধিক ভাড়া লবলৈ বাধ্য হৈছে যদিও সকলো চালকে অধিক ভাড়া যাত্ৰীৰ পৰা আদায় নকৰে ৷

এইলৈ বাৰম্বাৰ অভিযোগ কৰাৰ পিছতো গা নলৰিল বহুজাতিক প্ৰতিষ্ঠানকেইটাৰ ৷ প্ৰতিষ্ঠানকেইটা কেইটাই নিজৰ মাজতে গ্ৰাহকক অধিক আকৰ্ষণৰ প্ৰতিযোগিতাত নামি কম ভাড়া নিৰ্ধাৰণেৰে সমস্যাত পেলাই আহিছে চালকসকল ৷ ফলত ৰেপিড’, অ’লা, উবেৰ চলাই পৰিয়াল পোহপাল দিয়া চালক সকলৰ অৱস্থা এতিয়া অতিকে শোচনীয় হৈ পৰিছে ৷ সেয়ে প্ৰতিষ্ঠানকেইটাৰ কেইটাক নাকী লগোৱাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনালে ইউনিয়নৰ সম্পাদক ভাৰ্গৱ বৰাই ।

লগতে পঢ়ক: CAA protest in Assam : আকৌ কা’ আন্দোলনত নামিব আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.