গুৱাহাটী,৮ মাৰ্চ: ৰাজ্যত এতিয়া চলিছে নিৰ্বাচনৰ গৰম বতাহ। ৰাজনৈতিক দলসমূহে ক্ৰমান্বয়ে ঘোষণা কৰিছে দলীয় প্ৰাৰ্থীৰ তালিকা। দেওবাৰে দ্বিতীয়খন তালিকা প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদে। কেইদিন মানৰ আগলৈকে ৰাইজৰ দলৰ বাবে দেহে-কেহে খাটি থকা ৰূপহীহাটৰ খ্যাতনামা চিকিৎসক ডা৹ ছফিকুল ইছলামে দুদিন পূৰ্বে পদত্যাগ কৰিলে ৰাইজৰ দলৰ পৰা। দেওবাৰে হঠাতে অসম জাতীয় পৰিষদত যোগদান কৰে ডা৹ ইছলামে।
কেৱল অসম জাতীয় পৰিষদ দলত যোগদান কৰাই নহয়, যোগদানৰ এঘণ্টাৰ ভিতৰতে ৰূপহীহাট সমষ্টিৰ পৰা ডা৹ ছফিকুল ইছলামে লাভ কৰিলে দলীয় টিকট।কি কাৰণত ৰাইজৰ দলৰ প্ৰতি মোহভংগ হ'ল ডা৹ ইছলামৰ ? ৰাইজৰ দলৰ মিত্ৰদল অসম জাতীয় পৰিষদত হঠাৎ যোগদান কৰিয়ে কেনেকৈ লাভ কৰিলে দলীয় টিকট? ৰূপহীহাট সমষ্টিৰ ২৬ খন গাঁও পঞ্চায়ৰ প্ৰায় ১ লাখ ৭০ হেজাৰ ভোটাৰে কেনেকৈ ল'ব প্ৰাৰ্থীগৰাকীক? কোন হ'ব তেওঁৰ মূল প্ৰতিদ্বন্দী ?
লগতে পঢ়ক: নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক উষ্ম আদৰণি