গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনত যোৰহাটৰ তিতাবৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰসূৰী হিচাপে কংগ্ৰেছ প্ৰাৰ্থী ৰূপে কোন অৱতীৰ্ণ হ'ব ? প্ৰয়াত গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ নে আন কোনোবা ? কংগ্ৰেছ দলৰ বাহিৰে ভিতৰে এতিয়া এয়া এক অন্যতম চৰ্চাৰ বিষয় । ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি গৌৰৱ গগৈয়ে নিৰ্বাচনকেন্দ্ৰিক যি তৎপৰতা আৰম্ভ কৰিছে তালৈ লক্ষ্য কৰি এই ধাৰণাও কৰিব পাৰি যে হয়তো দিল্লীৰ ৰাজনীতি এৰি ৰাজ্যৰ প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে প্ৰয়াত মুখ্যমন্ত্ৰীৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ ।
কিন্তু প্ৰদেশ কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ইতিমধ্যে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱাৰ সময় উকলি গৈছে আৰু গৌৰৱ গগৈয়ে কোনো সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা নাই । ইয়াৰ বিপৰীতে তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰা তিতাবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে চাৰিগৰাকীয়ে । এই চাৰিগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত তেওঁৰ প্ৰেছ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত দেৱ কুমাৰ বৰাৰ পত্নী বৰ্ণালী শইকীয়া বৰা, তৰুণ গগৈৰ ভ্ৰাতৃ তথা প্ৰাক্তন সাংসদ দীপ গগৈৰ পত্নী মিতালী গগৈ, স্থানীয় কংগ্ৰেছ নেতা প্ৰাণ কুৰ্মী আৰু ভাস্কৰজ্যোতি বৰুৱা ।
স্মৰ্তব্য যে, বৰ্ণালী শইকীয়া বৰাই তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁৰ কাৰ্যকালৰ শেষৰ সময়চোৱাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ইপিনে, প্ৰদেশ কংগ্ৰেছৰ একেটা সূত্ৰই সদৰী কৰা মতে, শেষ মুহূৰ্তত হয়তো দলীয় হাইকমাণ্ডৰ সিদ্ধান্ত মৰ্মে তিতাবৰৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকিব ।