ETV Bharat / state

গণহত্যাৰ বিৰুদ্ধে কঠোৰ আইন কেতিয়া ?

author img

By

Published : May 27, 2020, 8:29 PM IST

নিলোৎপল দাসৰ পিতৃয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, আদালতলৈ তাঁতবাতি কাঢ়ি তেওঁলোক ভাগৰি পৰিছে আৰু ন্যায়ালয়ৰ ওপৰত তেওঁলোকে এতিয়া আস্থাও হেৰুৱাই পেলাইছে ৷

when Abhi-Nil family will get justice
কেতিয়া ন্যায় পাব অভি - নীলৰ পৰিয়ালে ?

গুৱাহাটী, 27মে' : ৰাজ্যত দিনক দিনে বাঢ়িবলৈ লৈছে গণহত্যাৰ দৰে ঘটনা । ঝংকাৰ শইকীয়া, অভি-নীলৰ পৰা আৰম্ভ কৰি বৰ্তমান সনাতন ডেকা, পৰাগ জ্যোতি নেওগলৈ এইসকল লোকক ব্যক্তিৰ এক গোটে মৰিয়াই মৰিয়াই মাৰি পেলোৱাৰ দৰে ঘটনা সঘনে সংঘটিত হ'বলৈ লৈছে ৰাজ্যত ।

2018 চনৰ 8জুনত সংঘটিত হোৱা অভি-নীলৰ হত্যাকাণ্ডৰ দুবছৰ হ'বৰ হ'ল ৷ কিন্তু আজিকোপতি ন্যায়ালয়তে বিচাৰধীন হৈ আছে সমগ্ৰ ঘটনা ৷ আজি ইটিভি ভাৰতৰ সাংবাদিকক এই সংক্ৰান্তত নিলোৎপল দাসৰ পিতৃয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, আদালতলৈ তাঁতবাতি কাঢ়ি তেওঁলোক ভাগৰি পৰিছে আৰু ন্যায়ালয়ৰ ওপৰত তেওঁলোকে এতিয়া আস্থাও হেৰুৱাই পেলাইছে ৷ ইয়াৰ লগতে তেওঁ কয়, শীঘ্ৰে ন্যায় পাবৰ কাৰণে যি ন্যায়িক ব্যৱস্থাৰ আৱশ্যক সেই ন্যায়িক ব্যৱস্থা ভাৰতবৰ্ষৰ সংবিধানত কম দেখা যায় ।

আইনক লৈ কোনো ধৰণৰ ভয় নাই সমাজৰ একাংশ লোকৰ ৷ আনহাতে, যোৱা 22 আৰু 23 মে'ত ক্ৰমে হাজোত সনাতন ডেকা আৰু চাবুৱাত পৰাগ জ্যোতি নেওগৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নীলোৎপল দাসৰ পিতৃয়ে কয়, দেশত এনে হত্যাকাণ্ড ৰোধ কৰিবলৈ চৰকাৰে বিশেষ আইনৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন ৷

এতিয়া প্ৰশ্ন হয়, প্ৰশাসন ব্যৱস্থাক কিয় বাৰে বাৰে ভেঙুচালি কৰে একাংশ লোকে? ন্যায়ৰ বাবে এতিয়া আৰু কিমান দিন কিমান বছৰ অপেক্ষা কৰিব লাগিব অভি-নীলৰ পৰিয়ালৰ লগতে সনাতন ডেকা আৰু পৰাগ জ্যোতি নেওগৰ পৰিয়ালে ।

লগতে পঢ়কঃএয়াৰ ইণ্ডিয়াৰ যাত্ৰী সকলৰ বাবে সুখবৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.