গুৱাহাটী, 27 এপ্ৰিলঃ লক ডাউনৰ ফলত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিত পৰিছে বিৰূপ প্ৰভাৱ ৷ বৃহৎ বৃহৎ উদ্যোগৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ ব্যৱসায়ীয়ে হওক বা পদপথৰ ওপৰত দোকান দি জীৱন নিৰ্বাহ কৰা লোকে হওক সকলোতে প্ৰভাৱ পৰিছে লক ডাউনৰ । তেনে এক দৃশ্য দেখা পোৱা গ'ল মহানগৰী গুৱাহাটীত ৷ মহানগৰী গুৱাহাটীৰ বহু লোক লক ডাউনৰ ফলত কৰ্মহীন হৈ পৰাত জীৱিকা সলনি কৰি এতিয়া জড়িত হৈ পৰিছে অত্যাৱশ্যকীয় সেৱাৰ সৈতে ৷
![when lockdown started people Changed their profession](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6958513_chitra.jpg)
মহানগৰীৰ উলুবাৰীৰ পদপথত চিত্ৰা বড়ো নামৰ মহিলাগৰাকীৰ আছিল ফাষ্ট ফুডৰ দোকান ৷ বিশেষভাৱে সক্ষম স্বামী আৰু দুগৰাকীকৈ পুত্ৰ সন্তানক মহিলাগৰাকীয়ে ফাষ্ট ফুডৰ দোকানখনেৰে পোহপাল দি আহিছিল ৷ কিন্তু দেশজুৰি কৰ'ণা আতংকৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা হোৱা লক ডাউনৰ পিছত পদপথৰ ফাষ্ট ফুডৰ দোকানখন বন্ধ কৰিব লগীয়া হোৱাত মহিলা গৰাকীৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছিল ৷ অৱশেষত মহিলাগৰাকীয়ে বাচি ল'লে জীৱিকাৰ অন্য এক পথ । মহিলা গৰাকী বৰ্তমান উলুবাৰীৰ এখন দোকানৰ সন্মুখত পাচলি বিক্ৰেতা ৷
ফাষ্ট ফুডৰ দোকানখনেৰে মাহে 35 হাজাৰ টকা উপাৰ্জন কৰা চিত্ৰা বড়ো নামৰ মহিলাগৰাকীয়ে এতিয়া পাচলি বিক্ৰী কৰি কিবাকৈ পোহপাল দিছে নিজৰ পৰিয়াল।
![when lockdown started people Changed their profession](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6958513_abed.jpg)
একেই উদাহৰণ আবেদ আলী নামৰ বৰপেটাৰ এজন যুৱকৰ ৷ লক ডাউনৰ পূৰ্বে বৰপেটাৰ যুৱকজনে মহানগৰী গুৱাহাটীত দিন হাজিৰা কৰি বৰপেটাত থকা পিতৃ-মাতৃক পোহপাল দি আহিছিল ৷ কিন্তু লক ডাউনৰ বাবে বন্ধ হৈ পৰিল কাম ৷ যাৰ বাবে এমাহ ধৰি কৰ্মহীন হৈ থাকিবলগা হয় যুৱকজনে ৷ কৰ্মহীন হৈ পৰাৰ পিছত পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ হৈ পৰাত নিজৰ জীৱিকা সলনি কৰিবলৈ বাধ্য হয় যুৱকজনে ৷
উপায়হীন হৈ যুৱকজন ওলাই আহিল ৰাজপথলৈ ৷ দিন হাজিৰা নহয় এইবাৰ যুৱকজনে এখন চাইকেল চলাই ওলাই আহিল মহানগৰীৰ ৰাজপথত মাছ বিক্ৰী কৰিবলৈ ৷ হাজিৰা কৰি প্ৰতিদিনে ৬০০ টকা উপাৰ্জন কৰা এইগৰাকী যুৱকে এতিয়া মাছ বিক্ৰী কৰি প্ৰতিদিনে আয় কৰিছে 200ৰ পৰা 300 টকা।
ই টিভি ভাৰতৰ সাংবাদিকক আবেদ আলীয়ে ক'লে,"উপায় নাই জীয়াই থাকিবলৈ কিবা এটা কৰিবই লাগিব"
উল্লেখ্য যে,COVID19 কৰ'ণা ভাইৰাছৰ ত্ৰাস আৰম্ভ হোৱাৰে পৰা বন্ধ হৈ আছে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য সেৱা। কেৱল অত্যাৱশ্যকীয় সেৱা অব্যাহত থকাৰ বাবে এই সেৱাৰ লগত জড়িত হৈ জীৱিকাৰ পথ বাছি লৈছে এতিয়া বহুতে।
লগতে পঢ়কঃগাহৰিৰ অচিন ৰোগে নিদ্ৰা কাঢ়িছে চৰকাৰৰঃ মন্ত্ৰী অতুল বৰা