ETV Bharat / state

পৰেশ বৰুৱা আহিলে নতুন মোৰ ল'ব নেকি আলফা-চৰকাৰৰ আলোচনাই ? - আলফাৰ শান্তি আলোচনা

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ অহাৰ বাবে আহ্বান জনোৱা আৰু পৰেশ বৰুৱায়ো সহাৰি দিয়া কাৰ্যই বৰফ গলাব বুলি আশা কৰা হৈছিল । কিন্তু অতি লক্ষণীয়ভাৱে ক'ৰবাত মেন উজুটি খাইছে এই প্ৰক্ৰিয়াই ।‌‌ বিগত প্ৰায় কেইবাদিনো ধৰি কাৰ্যতঃ মৌন হৈ আছে আলোচনাৰ বাবে উৎসাহী আলফা সেনাধ্যক্ষ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী উভয়েই ।‌‌

what will happen to ulfa-government discussions
পৰেশ বৰুৱা আহিলে নতুন মোৰ ল'ব নেকি আলফা-চৰকাৰৰ আলোচনাই..?
author img

By

Published : May 28, 2021, 9:16 PM IST

Updated : May 29, 2021, 1:24 PM IST

গুৱাহাটী, ২৮ মে': বিগত চাৰিটা দশকে অসম তথা উত্তৰ-পূৱ ভাৰতৰ জনসাধাৰণে সন্মুখীন হৈ অহা আইন-শৃংখলাজনিত ভয়াৱহ পৰিস্থিতিৰ ৰাজনৈতিক সমাধানৰ বাবে বিভিন্ন পৰ্যায়ত প্ৰচেষ্টা অব্যাহত আছে । শেহতীয়াকৈ অসমৰ‌ মুখ্যমন্ত্ৰীৰ দায়িত্বলৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাটোও তেনে এক প্ৰক্ৰিয়াৰে অংশ ।

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰথমখন সাংবদমেলতে পৰেশ‌ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান‌ কৰাৰ‌ পিছতে আলফা নেতাগৰাকীয়ে লক্ষণীয়ভাৱে তিনি মাহৰ বাবে হঠাৎ যুদ্ধ বিৰতি ঘোষণা কৰে আৰু তাৰ‌ পিছতে অ'এনজি চিৰ অপহৃত কৰ্মচাৰীজনকো বিনাচৰ্তে মুকলি কৰি দিয়ে।‌‌ কেৱল সেয়াই নহয় আলফা সেনাধ্যক্ষ গৰাকী নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক লৈ প্ৰশংসাত পঞ্চ মুখ হৈ পৰে ।‌‌

চলিত মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱা পৰেশ বৰুৱাৰ শান্তি আলোচনাত অংশগ্ৰহণ কেন্দ্ৰীক আলোচনাই বিশেষ চৰ্চা লাভ কৰিছিল।‌‌ কিন্তু অতি শেহতীয়াকৈ তেনে পৰিৱেশ কিছু পৰিমাণে হ'লেও ম্লান পৰিছে ।

অসমৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ বিষয়টো ১৯৯১ চনতেই আৰম্ভ হৈছিল যদিও ২০১১ চনত বিষয়টোৱে এক বিশেষ মাত্ৰা লাভ কৰিছিল ।‌‌ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বৈদেশিক সচিব শশ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী আদিকৈ গৰিষ্ঠসংখ্যক শীৰ্ষ নেতাই জংঘল এৰি জনজীৱনৰ মুলসূঁতিলৈ অহাত ২০১১ চনৰ পৰা‌ কেন্দ্ৰ আৰু আলোচনা পন্থী আলফাৰ‌ মাজত এলানি শান্তি আলোচনা আৰম্ভ হয় ।

অতি লক্ষনীয়ভাৱে ড৹ হীৰেণ গোহাঁইকে ধৰি ৰাজ্যৰ একাংশ সচেতন ব্যক্তিৰ উদ্যোগত অনুষ্ঠিত জাতীয় অভিৱৰ্তনে এই আলোচনা প্ৰক্ৰিয়া তৰান্বিত কৰিছিল । ই টি ভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি এই আলোচনা প্ৰক্ৰিয়াত ২০১৮ চন পৰ্যন্ত একাধিকবাৰ দুয়োপক্ষ আলোচনাত বহিছে ।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত মধ্যস্থতাকাৰী ক্ৰমে পি চি হালদাৰ, দীনেশ শৰ্মা আৰু এ বি মাথুৰৰ সহযোগত আগবঢ়োৱা এই আলোচনাই আহি আহি এক বিশেষ পৰ্যায়ত উপনীত হৈছিল । আলোচনাৰত সংগঠনটোৰ এক সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, এই আলোচনা প্ৰক্ৰিয়াত তিনিটা বিষয়কলৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হোৱা গৈছিল ।

সিদ্ধান্তৰ তিনিটা পৰ্যায় আছিল ক্ৰমে, ৰাজনৈতিক ৰক্ষাকৱচ, বিদেশী সমস্যাৰ অৰ্থপূৰ্ণ সমাধান আৰু অসমৰ‌ সামগ্ৰিক উন্নয়ন। সূত্ৰটোৰ মতে, এই তিনিটা বিষয়ৰ ওপৰতে দুয়ো পক্ষৰ মাজত ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে কেৱল সিদ্ধান্তই আনুষ্ঠানিকতা পাবলৈহে বাকী আছিল । এই সন্দৰ্ভত এক ড্ৰাফ নথিও চৰকাৰে প্ৰস্তুত কৰিছে বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে ।

মনকৰিবলগীয়া মে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু আন নেতা কেইজনে অংশগ্ৰহণ কৰা আলোচনা দহ বছৰীয়া কছৰতে এক মাত্ৰা লাভ কৰাৰ পিছত আলোচনালৈ পৰেশ বৰুৱাৰ আগমনক কিদৰে সংযোজিত কৰা হ'ব সেয়া লক্ষনীয় হ'ব।‌‌

আমাৰ হাতত পৰা‌ তথ্য মতে পৰেশ বৰুৱা যদি আলোচনা লৈ আহে তেতিয়া হ'লে তেওঁৰ চৰ্তৰ ভিত্তিত আলোচনা ৰ এক নতুন পৰ্যায় আৰম্ভ হ'ব আৰু তাৰ‌ মডেলিটিও সুকীয়া হ'ব।

আনহাতে, আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগত প্ৰস্তাৱিত শান্তি আলোচনা জড়িত হৈ আছে অতি জটিল পৰ্যায়ত আধৰুৱা হৈ থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম) আৰু ভাৰত চৰকাৰৰ মাজৰ আলোচনা। কেন্দ্ৰীয় চৰকাৰে জানে যে নগা বিদ্ৰোহী সমস্যা ৰ সমাধান অবিহনে উত্তৰ-পূবত শান্তি প্ৰতিষ্ঠা অলীক চিন্তা মাত্ৰ।

যোৱা প্ৰায় ডেৰ টা দশক এন এছ চি এন আই এমৰ লগতে থাকি সাংগঠনিক কাম কাজ চলাই থকা পৰেশ বৰুৱাৰ শান্তি আলোচনাৰ চিন্তাক নগা বিদ্ৰোহী সংগঠন টোৱে কিধৰনে আগবাঢ়িব দিব সেয়াও লক্ষনীয় হ'ব। নাগালিম সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথাত এন এছ চি এন ক আজিও সৈমান কৰাব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ সমুখত পৰেশ বৰুৱা সেই বাবেই আজি অন্যতম প্ৰত্যাহ্বান। আৰু তেনে পৰিস্থিতিৰ বাবেই হয়তো এতিয়া কিছু পৰিমাণে নীৰৱতা অৱলম্বন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই।

লগতে পঢ়ক: জুন মাহৰ পৰা বিটিআৰক স্পৰ্শ কৰিব অৰুণোদয় আঁচনিয়ে

Last Updated : May 29, 2021, 1:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.