গুৱাহাটী, 25মে': ক'ৰণা ভাইৰাছৰ বাবে বিধ্বস্ত মানৱ জাতিৰ বৰ্তমান আৰ্থিক অৱস্থা শোচনীয় । প্ৰতিটো বিভাগ প্ৰতিটো খণ্ড এতিয়া অৰ্থনৈতিকভাৱে পৰাজিত আৰু ভৱিষ্যত অন্ধকাৰ । লকডাউন আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈ এক শ্ৰেণীৰ লোকৰ অথবা এক বিশেষ উদ্যোগে সন্মুখীন হ'ব লগা হৈছে এক দুখ লগা পৰিস্থিতিৰ । এনে এক জটিল সন্ধিক্ষণত সবাতোকৈ যদি লোকচান আৰু অনিশ্চয়তাৰ সন্মুখীন হৈছে তেন্তে সেয়া সাংস্কৃতিক উদ্যোগ । অসমৰ সাংস্কৃতিক উদ্যোগটো লকডাউনৰ পূৰ্বেও আৰ্থিক অৱস্থাৰে ধনী নাছিল যদিও সকলোৰে বাবে জীয়াই থাকিব পৰাকৈ এখন মঞ্চ আছিল ।
কিন্তু আজি সেই সাংস্কৃতিক জগতৰ মঞ্চখন দিনক দিনে অনিশ্চয়তাৰ ফালে ঢাল খাইছে । সাংস্কৃতিক জগত বুলিলে কেৱল অসমীয়া ছবি জগত, ভ্ৰাম্যমাণ থিয়েটাৰ জগত অথবা সংগীতৰ জগত নহয় সাংস্কৃতিক জগতৰ লগত জড়িত নাটকৰ জগতখনেও সন্মুখীন হৈছে এক অভাৱনীয় পৰিস্থিতিৰ । স্ব-প্ৰতিভাৰে এখন মঞ্চত সমাজৰ এক শ্ৰেণীৰ দৰ্শকৰ আগত নাটকীয় ভংগীমা আৰু সংলাপেৰে জীৱন্ত অভিনয় কৰা সেই কলা-কুশলী সকলৰ অৱস্থা আজি শোচনীয় ।
নাটকৰ সমাজখন কিছু পৃথক আৰু ব্যতিক্ৰম কাৰণ নাটকে সমাজৰ জীৱন্ত সমস্যা দাঙি ধৰে নাটকীয় দৃষ্টি ভংগীৰে । কাহিনী, সংলাপ আৰু অভিনয় থাকিলেও নাটকত এটা কাহিনী নাটকীয় ধৰণে মঞ্চস্থ কৰাৰ এক সুকীয়া বৈশিষ্ট্য আছে । নাটক আৰু নাটকৰ সৈতে জড়িত লোকৰ সংখ্যও অসমত কম নহয় । অসমত কমেও বছৰে 50 ৰ পৰা 75 খন নাটক মঞ্চস্থ হয় আৰু 75 টা সক্ৰিয় নাটকৰ দলে অসমৰ নাটকসমূহ ভাৰতৰ বিভিন্ন স্থানত প্ৰদর্শন কৰি আহিছে । নাটক গোষ্ঠীসমূহৰ কথা সততে চৰ্চাৰ মাজলৈ নহাকৈ থাকিলেও আমি নাটকৰ অৱদান সাংস্কৃতিক জগতত নুই কৰিব নোৱাৰো । কাৰণ এই জগতৰ সৈতে জড়িত হৈ আছে বহু সংখ্যক কলা কুশলী ৷ মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱাৰ পৰা আৰম্ভ কৰি অসমৰ চুকে কোণে বিভিন্ন মঞ্চত মঞ্চস্থ হৈ আছে নাটক ।
নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এগৰাকী মহিলা হ'ল ৰবিজিতা গগৈ । অসমৰ লগতে ভাৰতবর্ষৰ বিভিন্ন মঞ্চত নিজৰ প্ৰতিভাৰে ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা ৰবিজিতা গগৈয়ে বৰ্তমান নাটকৰ ভৱিষ্যত সম্পৰ্কত বিভিন্ন লেখা আৰু মতামত সময়ে সময়ে প্ৰকাশ কৰি আছে । কি পৰিস্থিতিত, কেনেকৈ আছে নাটক সমাজ তাৰ এক আভাষ ইটিভি ভাৰতৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিলে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰসিদ্ধ নাট পৰিচালিকা, অভিনেত্ৰী ৰবিজিতা গগৈয়ে ৷
ৰবিজিতা গগৈয়ে কয় যে, নাটক এক গণমুখী মাধ্যম, গতিকে গণ অবিহনে নাটক হ'ব নোৱাৰে ৷ সকলোৰে বাবে লকডাউন শিথিল কৰাৰ সময়ত কেৱল সাংস্কৃতিক জগতখনক কিয় অকলশৰীয়া এক ব্যৱস্থাৰ মাজত বান্ধি ৰখা হৈছে ? ইপিনে নাটকৰ অনুশীলন আৰু নাটক মঞ্চস্থৰ অনুজ্ঞা বন্ধ কৰি থোৱাৰ ফলত কেৱল এজন দুজন নহয় বহু লোকৰ আৰ্থিক সমস্যা হৈছে বুলিও মন্তব্য কৰে । তেওঁ কয় যে, নাটক এখনৰ অনুশীলন হ'লে অথবা মঞ্চস্থ হ'লে কিমান মানুহ থাকিব সেই অনুমান পূৰ্বতেই কৰিব পৰা যায় । গতিকে তেনেস্থলত এনেকৈ বন্ধ কৰি ৰাখিলে সমস্যাৰ সমাধান কেতিয়াও নহ'ব বুলি জনায় নাট্যকাৰগৰাকীয়ে । আনহাতে ভাৰতৰ আন ৰাজ্যৰ চৰকাৰে সাংস্কৃতিক জগতৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলেও অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে পৰিচালক তথা অভিনেত্ৰী ৰবিজিতা গগৈয়ে ।
ৰাজ্যৰ আন এগৰাকী আগশাৰীৰ নাট্যকাৰ-পৰিচালক গুণাকৰ দেৱ গোস্বামীয়েও ইটিভি ভাৰতৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি এই সময়ছোৱাত নাটক জগতৰ প্ৰতিজন কলা কুশলীৰ অৱস্থা খুবেই শোচনীয় । নাটকৰ লগত জড়িত হৈ থকা 100 % লোকৰ 80% লোক আন বিভিন্ন ব্যৱসায় বাণিজ্য লগত জড়িত থাকিলেও 20 % লোক কেৱল নাটকৰ ওপৰত নিৰ্ভৰশীল । গতিকে তেনেস্থলত এই জটিল সন্ধিক্ষণত চৰকাৰেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত কলা-কুশলী সকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি কয় নাট্যকাৰ-পৰিচালক গুণাকৰ দেৱ গোস্বামীয়ে ৷
বৰ্তমান আৰ্থিক সমস্যাৰ লগতে নাটকৰ ভৱিষ্যত সম্পৰ্কত অনিশ্চয়তাত ভুগিছে এতিয়া কলা-কুশলী সকল । বাণিজ্যিক মুনাফাৰ ওপৰত নিৰ্ভৰ নকৰা এইসকল লোকৰ বাবে তথা নাটক সমাজৰ বাবে কি ভাবিছে চৰকাৰে ? কেৱল শিক্ষা, উদ্যোগ প্ৰতিষ্ঠান অথবা কৃষিখণ্ডৰ বাবেই কৰণীয় আছে নেকি চৰকাৰৰ ? এই সময়ত অসমৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেৰ নীৰৱ ভূমিকাৰ বাবেই এতিয়া অনিশ্চয়তাত ভোগা নাইনে কলা-কুশলী সকল ? এতিয়া এই সকল কলা-কুশলীক কোনে দিব আশ্বাস, কোনে দিব ভৱিষ্যত সম্পৰ্কে নিশ্চয়তাৰ খতিয়ান ? এইয়া বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই