ETV Bharat / state

Traditional weaving : অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰস্তুতত ব্যস্ত মেঘালয়ৰ একাংশ শিপিনী

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:21 AM IST

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত শিপিনীয়ে তাঁতশালত বৈছে গামোচা, মেখেলা-চাদৰকে ধৰি বিভিন্ন জনজাতীয় সাজপাৰ ৷ 12 যুৱতী-মহিলা ব্যস্ত হৈ পৰিছে জনজাতীয় সাজপাৰ প্ৰস্তুতত ৷

Traditional weaving
শিপিনী ব্যস্ত অসমীয়া জনজাতীয় সাজপাৰ প্ৰস্তুত কৰাত

গুৱাহাটী, 16 অক্টোবৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত একাংশ শিপিনী বৰ্তমান ব্যস্ত বোৱা-কটাত ৷ গামোচাকে ধৰি বিভিন্ন ডিজাইনৰ মেখেলা-চাদৰ প্ৰস্তুত কৰি উলিয়াইছে এইসকল শিপিনীয়ে ৷ উল্লেখ কৰা প্ৰয়োজন যে, ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও ।

প্ৰচাৰকে ধৰি ৰাজনৈতিক-অৰাজনৈতিক আদি দিশৰ পৰা উপেক্ষিত হৈ থকা গাঁওকেইখনৰ বাসিন্দাসকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও উক্ত স্থানত তেওঁলোকৰ জাতিগত পৰিচয় মৰঙালী । বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হ’ল ক্ৰমে - বৰগাং, নালাপাৰা, নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও ।

এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দাসকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখন গাঁৱৰ মহিলা-যুৱতীসকল স্বভাৱগতভাৱে একো একোজন নিপুণ শিপিনী । তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ প্ৰয়োজনীয় বা লাগতিয়াল কাপোৰ আদি নিজে তাঁতশালত বয় । কিছুসংখ্যকে সেই কাপোৰ বজাৰত বিক্ৰী কৰি আৰ্থিকভাবে কিছু সকাহ লাভ কৰিও আহিছে । কিন্তু তেওঁলোকৰ দক্ষতাৰ সদব্যৱহাৰ কৰি অঞ্চলটোৰ মহিলা শিপিনীসকলক তাঁতশালত নতুন প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগৰে কিদৰে আৰ্থিকভাৱে স্বাবলম্বী কৰিব পৰা যায় সেই বিষয়ে বহুদিনৰ পৰা চিন্তা - চৰ্চা কৰি অহা হৈছিল ।

অৱশেষত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা 1988 বৰ্ষত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীসকলে সমাজৰ উপেক্ষিত লোকসকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা, উন্নয়নৰ হকে 2013-14 চনত গঠন কৰা "এ ই চি ক্লাছ 1988 ফাউণ্ডেশ্যন" নামৰ ন্যাসটো আগবাঢ়ি আহিছে মাৰঙা অঞ্চলটোৰ শিপিনীসকলৰ উন্নয়নৰ বাবে ।

31 জুলাইৰ পৰা 31 আগষ্টলৈকে প্ৰথম পৰ্যায়ত 12 গৰাকী মহিলা-যুৱতীক ন্যাসৰ ফালৰ পৰা এমাহৰ বিশেষ প্ৰশিক্ষণ দিয়া হয় । ন্যাসৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে কামৰূপ জিলাৰ ছয়গাঁওৰ মনোজ ঠাকুৰীয়াই । ইতিমধ্যে এমাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা 12 জনী মহিলাক ন্যাসৰ ফালৰ পৰা অসমীয়া গামোচা, কাৰ্বি, তিৱাকে ধৰি অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত মেখেলা-চাদৰ তাঁতশালত বোৱাৰ বাবে সূতা, ৰং, যঁতৰকে ধৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে । সম্প্ৰতি বিগত প্ৰায় এমাহ ধৰি 12 গৰাকীকৈ নিৰ্বাচিত মহিলাই দিনে-নিশাই তাতশালত ব্যস্ত হৈ আছে গামোচাকে ধৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ প্ৰস্তুত কৰাত ।

লগতে পঢ়ক: Bhupen Borah controversy: ‘‘ক্ষমা খোজক, অন্যথা প্ৰত্যাহবানৰ সন্মুখীন হ’ব ভূপেন বৰা’’; হুংকাৰ মিচিং জাতীয় সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.