গুৱাহাটী, 13 ফেব্ৰুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলত খাদী আৰু গ্ৰামোদ্যোগক পুনৰ জীৱিত কৰাৰ লক্ষ্যৰে শনিবাৰে গুৱাহাটীত উপস্থিত হ’ল খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ লগতে ভাৰত চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অধ্যক্ষ বিনয় কুমাৰ চক্সেনা ৷ উপস্থিত হৈয়ে চক্সেনাই হোটেল ভিভান্টাত এক সংবাদমেলৰ আয়োজন কৰে ৷
সংবাদমেলত চক্সেনায়ে কয়, পূৰ্বতকৈ যথেষ্ট শক্তিশালী হৈছে খাদী ব’ৰ্ড ৷ পূৰ্বৰ উৎপাদনৰ হাৰ দহ শতাংশৰ পৰিৱৰ্তে বৰ্তমান এই হাৰ বৃদ্ধি হৈ ২৬ শতাংশ হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে ৷ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মৃতপ্ৰায় উদ্যোগ সমূহ পুনৰুজ্জীৱিতকৰণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলিও মত প্ৰকাশ কৰে চক্সেনায়ে ৷
'দেশৰ ৮৬ শতাংশ বাঁহৰ উৎপাদন হয় উত্তৰ-পূৱত ৷ ধূপৰ দৰে উদ্যোগ সমূহৰ উৎপাদনৰ বাবে বাঁহৰ প্ৰয়োজন ৷ উত্তৰ-পূৱৰ এই বাঁহৰ উদ্যোগটো আগুৱাই নিয়াৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে ৷ ২০১০ চনৰ আগৰ সময়ছোৱাত এই উদ্যোগ সমূহৰ যি অৱস্থা আছিল তাক পুনৰ ঘূৰাই অনাৰ লগতে উদ্যোগ সমূহক কাৰ্য্যক্ষম কৰাটো খাদী গ্ৰামোদ্যোগৰ মূল লক্ষ্য ৷' সাংবাদিকৰ আগত চক্সেনায়ে কয় ৷
লগতে পঢ়ক: প্ৰতিবন্ধীসকলৰ ৫১১টা পদক লৈ চৰকাৰে বৈষম্য কৰাৰ অভিযোগ