ETV Bharat / state

Ranjeet Dass: ৰাজনৈতিক দলৰ প্ৰভাৱমুক্ত হ’ব গাঁও পঞ্চায়ত; মন্ত্রী ৰণজিৎ দাস - অসম বিধানসভা

পঞ্চায়ত আইন সংশোধন সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া । পোনপটীয়াভাৱে নহ'ব পঞ্চায়তৰ সভাপতি নিৰ্বাচন । জয়ী ৱাৰ্ড সদস্যৰ পৰা নিৰ্বাচিত হ'ব সভাপতি আৰু উপ-সভাপতি ।

Ranjeet Dass:
Ranjeet Dass:
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:41 PM IST

Ranjeet Dass

গুৱাহাটী,১২ ছেপ্টেম্বৰ: অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা পঞ্চায়ত আইন সংশোধন সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্রীগৰাকীয়ে কয় যে গাঁও পঞ্চায়তত নাথাকিব ৰাজনৈতিক দলৰ প্ৰভাৱ ।

এতিয়াৰে পৰা পোনপটীয়াভাৱে নহ'ব পঞ্চায়তৰ সভাপতি নিৰ্বাচন । জয়ী ৱাৰ্ড সদস্যৰ পৰা নিৰ্বাচিত হ'ব সভাপতি আৰু উপ-সভাপতি । সংশোধনী অনুসৰি আঢ়ৈ বছৰলৈ আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ । পূৰ্বতে ৰাইজে পোনপোটীকৈ নিৰ্বাচিত কৰা সদস্য অথবা সভাপতিৰ বিৰুদ্ধে ৬ মাহৰ পিচতে একাংশ সদস্যই অনাস্থা প্ৰস্তাৱ আনে ।

এয়া গণতন্ত্ৰৰ বাবে পৰিপন্থী আৰু শুভ লক্ষণ নহয় বুলি মন্ত্ৰী দাসে স্পষ্টকৈ উল্লেখ কৰে । আনহাতে সকলোৱে অংশ গ্ৰহণ কৰাৰ সুবিধাৰ বাবে ৱাৰ্ডৰ সদস্যৰ ক্ষেত্রত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হোৱাটো অপৰিহাৰ্য নহয় ।

এনেবোৰ কিছুমান সংশোধনী অনা হৈছে যাতে পঞ্চায়ত ব্যৱস্থাটোৰ সংস্কাৰ সাধন হয় । মন্ত্রী দাসে কয় যে বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনত এই বিল উত্থাপন কৰা হ'ব । যদিহে সংখ্যা গৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰে তেতিয়া হ'লে এই বিল আইনত পৰিণত হ'ব ।

ৰাইজে বিভিন্ন সময়ত আগবঢ়াই অহা পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ এবাৰ সভাপতি বা সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পাছত তেওঁৰ লোকৰ বিৰুদ্ধে আঢ়ৈ বছৰলৈকে কোনেও অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব বুলি মন্ত্ৰী ৰণজিৎ দাসে উল্লেখ কৰে ৷ প্ৰয়োজন হ’লে আঢ়ৈ বছৰৰ পিছত অনাস্থা প্ৰস্তাৱ আনিব পাৰিব ৷

লগতে পঢ়ক: AIUDF MLAs protest in Guwahati:বিধানসভা চৌহদত এ আই ইউ ডি এফৰ বিধায়কৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.