ETV Bharat / state

ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা: স্বাস্থ্যমন্ত্ৰী - covid upadates

ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভিডিঅ' কনফাৰেন্স ৷ জিএমচিএইচত নিশা থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক । ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও বিশেষ হ্ৰাস নোপোৱাত উদ্বিগ্ন স্বাস্থ্যমন্ত্রী ।

health minister instruction about covid
ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা
author img

By

Published : Jun 29, 2021, 10:51 PM IST

গুৱাহাটী, ২৯ জুন : মাজনিশা আকস্মিক পৰিদৰ্শনৰ পাচত মঙলবাৰে সন্ধিয়া ৬ বজাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ, অধীক্ষক আৰু সকলো বিভাগৰ মুৰব্বীৰ সৈতে এখন বৈঠকত মিলিত হয় । বৈঠকত ক'ভিড ৰোগীসকলৰ চিকিৎসা ব্যৱস্থাপনাৰ সঠিক পৰিচালনাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় । ৰাজ্যৰ চিকিৎসা শিক্ষাৰ সঞ্চালক ডাঃ অনুপ বৰ্মনেও এই বৈঠকত অংশ গ্ৰহণ কৰে ।

health minister instruction about covid
ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা

আলোচনাৰ সিদ্ধান্ত অনুসৰি মঙলবাৰৰ নিশাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক'ভিড ৰোগীৰ চিকিৎসা অধিক ফলপ্ৰসূ হোৱাকৈ কিছু সংযোজিত নতুন নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হয় । স্বাস্থ্যমন্ত্রীয়ে ৰাজ্যৰ ক'ভিড যুঁজখনত জিএমচিএইচৰ লগতে আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ে লোৱা নেতৃত্বৰ বাবে শলাগ লয় ।

আনহাতে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংযোজিত নতুন ব্যৱস্থা প্ৰযোজ্য কৰিবলৈ মঙলবাৰে নিশা এখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক স্বাস্থ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

মঙলবাৰৰ পৰা জিএমচিএইচত দিনৰ সময়চোৱাৰ উপৰিও নিশাৰ ভাগতো ক'ভিড ৰোগীয়ে প্ৰয়োজনীয় জৰুৰী চিকিৎসা পাব পৰাকৈ সহকাৰী অধ্যাপক নাইবা জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ চিকিৎসালয়খনত উপস্থিত থাকিব লাগিব । ইয়াৰ বাবে দিন আৰু নিশাৰ বাবে সুকীয়াকৈ জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞই দায়িত্ব পালন কৰিব ৷

গুৱাহাটীস্থিত এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ সৈতে হোৱা নিশাৰ এই ভিডিঅ' কনফাৰেন্সত স্বাস্থ্যমন্ত্ৰীৰ সৈতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, স্বাস্থ্য সচিব সিদ্ধাৰ্থ সিং, এন এইচ এমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশগ্ৰহণ কৰে । ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত ক'ভিড ৰোগীৰ বাবে অধিক ফলপ্ৰসূ চিকিৎসা সেৱা উপলব্ধ কৰাৰ বিষয়ে নিশাৰ এই ভিডিঅ' কনফাৰেন্সত আলোচনা কৰা হয় ।

ৰাজ্যত ক'ভিড সংক্ৰমণৰ হাৰ ক্ৰমশঃ উন্নত হোৱা স্বত্বেও তুলনামূলকভাৱে ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও বিশেষ হ্ৰাস নোপোৱাৰ বিষয়ে প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ সৈতে পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্রীয়ে । তদুপৰি ক'ভিডত আক্ৰান্ত শিশুৰ বাবে সাজু কৰা আছুতীয়া চিকিৎসা ব্যৱস্থাপনা সন্দৰ্ভতো চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰে আলোচনা কৰে স্বাস্থ্যমন্ত্ৰীয়ে । প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালকেই জুলাইৰ প্ৰথম সপ্তাহৰ পৰাই দৈনিক চিকিৎসাধীন ক'ভিড ৰোগী সন্দৰ্ভত একোখন হেলথ বুলেটিন প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে ।

আনহাতে স্বাস্থ্যমন্ত্রীয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহে চিকিৎসাধীন ক'ভিড ৰোগীৰ পৰিয়ালে যাতে ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে দৈনিক খবৰ লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । কোনো ৰোগীৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিলে, সেই বিষয়ে যথাসম্ভৱ তাৎক্ষণিকভাৱে ৰোগীগৰাকীৰ পৰিয়ালক অৱগত কৰাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক: বিশ্বৰ সবাতোকৈ সৰু চামুচ ! আপুনি দেখিছে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.