ETV Bharat / state

বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:33 PM IST

Jadu Kakati passes away: বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই ৷ বাৰ্ধক্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কাকতিয়ে ৷

Jadu Kakati passes away
বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ দেহাৱসান
বৰ্ষীয়ান সাংবাদিক যদু কাকতিৰ দেহাৱসান

গুৱাহাটী, 5 জানুৱাৰী : বৰ্ষীয়ান সাংবাদিক যদু কাকতিয়ে বৃহস্পতিবাৰে মাজনিশা 1.30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ । বাৰ্ধক্যজনিক কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান সাংবাদিকগৰাকী ।

1966 চনত অসম বাতৰিৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা যদু কাকতিক 2020 চনৰ গণৰাজ্য দিৱসত সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল ৰাজ্য চৰকাৰে । মিডিয়া ট্ৰাষ্ট, অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম আছিল যদু কাকতি । শাৰীৰিক অসুস্থতাৰ বাবে যোৱা 8 ডিচেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল প্ৰয়াত সাংবাদিকগৰাকী ।

1966 চনত ‘অসম বাতৰি’ৰ জৰিয়তে সাংবাদিকতাৰ জগতখনত খোজ পেলাইছিল প্ৰয়াত সাংবাদিক যদু কাকতিয়ে ।1968-1974 লৈ তেওঁ নীলাচল কাকতৰ লগত জড়িত আছিল । আনহাতে তেওঁ 1989-91 চনলৈ দৈনিক অগ্ৰদূতৰ লগত জড়িত থকাৰ লগতে তেওঁ দৈনিক জনমভূমিৰ লগত জড়িত আছিল ।

তেওঁৰ নশ্বৰ দেহ বাসগৃহৰ পৰা মিডিয়া ট্ৰাষ্ট ৰূপনগৰ আৰু গুৱাহাটী প্ৰেছ ক্লাৱত অনাৰ পিচতে শেষ শ্ৰদ্ধা জনোৱা হয় । ইয়াৰ পিচতে নৱগ্ৰহত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় কাকতিৰ । প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তেওঁ কয়, "60 দশকৰ পৰা সুদীৰ্ঘকাল সংবাদ সেৱাৰ সৈতে জড়িত হৈ তেখেতে সংবাদ জগতলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে । গণৰাজ্য দিৱসত সাংবাদিক বঁটাৰে সন্মানিত কাকতি ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।"

প্ৰবীণ সাংবাদিকগৰাকীৰ বিয়োগত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰয়াত কাকতিয়ে 60 দশকৰ পৰা সংবাদ জগতত নিজৰ সেৱা আৰম্ভ কৰি ৰাজ্যখনৰ সংবাদ ক্ষেত্ৰখনক সমৃদ্ধ কৰি থৈ গৈছে বুলি উল্লেখ কৰিছে ।

জনসংযোগ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগ আমাৰ বাবে এক অপূৰণীয় ক্ষতি । মন্ত্ৰী হাজৰীকাই প্ৰয়াত কাকতিৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: 'কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব, এতিয়াও আশাবাদী ড° হীৰেন গোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.