ETV Bharat / state

Vegetable prices: ৰাজ্যৰ পাচলি বজাৰত মূল্যবৃদ্ধিৰ জুই; মোনা ভৰাই বজাৰ আনিবলৈ গধুৰ হ’ব লাগিব জেপ ! - Vegetable prices hike news

বছৰৰ প্ৰথমটো বানে ধুৱাই গ’ল ৰাজ্যৰ বহু কেইটা অঞ্চল ৷ বানত বুৰ গ’ল কেইবাখনো জিলাৰ খেতি পথাৰ ৷ বানৰ প্ৰভাৱ পৰিছে বজাৰতো ৷ বানৰ সুযোগ লৈ বজাৰত হোৰাহোৰে বৃদ্ধি পাচলিৰ দাম ৷ কেইদিনমান আগলৈকে আপুনি প্ৰতিকিলোত 20/30 টকা দাম দি কিনা পাচলিৰ বৰ্তমান দাম শুনিলে আচৰিত হ’ব আপুনি ৷

Vegetable prices
Vegetable prices hike in Assam
author img

By

Published : Jun 28, 2023, 10:00 PM IST

ৰাজ্যৰ পাচলি বজাৰত মূল্যবৃদ্ধিৰ জুই

গুৱাহাটী, ২৭: গুৱাহাটী মহানগৰীত হোৰাহোৰে বাঢ়িছে পাচলিৰ দাম । মূল্যবৃদ্ধিয়ে কেকোঁৰা চেঁপা দি চেপিছে সাধাৰণ জনতাক । ৰাজ্যত প্ৰথমটো বানে সংহাৰী ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া প্ৰভাৱ পৰিছে গুৱাহাটীৰ শাক-পাচলিৰ বজাৰ সমূহত । বান-বিভীষিকাৰ গইনা লৈয়ে এচাম অসাধু ব্যৱসায়ীয়ে শাক-পাচলিৰ দাম বৃদ্ধি কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিছে ।

এচাম অসাধু ব্যৱসায়ীয়ে ইচ্ছানুসৰি পাচলিৰ দাম বৃদ্ধি কৰি চলাইছে লুণ্ঠন ৰাজ । মহানগৰীৰ প্ৰতিখন বজাৰতে শাক পাচলিৰ মূল্য পৃথক পৃথক । ফলত জনসাধাৰণে গুৱাহাটীৰ বজাৰসমূহত চৰা দামত ক্ৰয় কৰিব লগা হৈছে সামগ্ৰীসমূহ । বানৰ বাবে খাৰুপেটীয়া, বৰপেটা আদি অঞ্চল বানৰ কবলত পৰাৰ বাবে নষ্ট হৈছে থলুৱাভাৱে উৎপাদিত পাচলি ৷ শাক-পাচলিৰ নাটনি দেখুৱাই বহিঃৰাজ্যৰ পৰা কম দামত কিনি আনি গুৱাহাটীৰ বজাৰত অত্যাধিক দৰত বিক্ৰী কৰিছে এই অসাধু চক্ৰটোৱে ।

মহানগৰীৰ বজাৰলৈ আহিছে শ্বিলং, অৰুণাচল, বাংগালুৰুৰ পাচলি । মহানগৰীৰ বজাৰত ৮০ টকাৰ তলত পাবলৈ নাই শাক-পাচলি । প্ৰায় ১০ দিন পূৰ্বে ৪০ টকাত বিক্ৰী হোৱা পাচলিৰ দাম এতিয়া হৈছে ৮০ টকা । দুগুণ বৃদ্ধি পাইছে পাচলিৰ মূল্য ।

মহানগৰীৰ ফাঁচি বজাৰ পাইকাৰী পাচলিৰ বজাৰত প্ৰতি কেজি পাচলিৰ মূল্য এনেদৰণৰ:

  • বিলাহী: ৭০-৮০ টকা
  • বীন: ৮০ টকা
  • স্কৱাচ: ৫০ টকা
  • গাজৰ : ৮০ টকা
  • ফুলকবি: ১৪০ টকা
  • তিয়ঁহ: ৪০ টকা
  • কেপচিকাম: ৮০ টকা
  • অমিতা: ৪০
  • ভাতকেৰেলা: ৮০

আনহাতে, মহানগৰীৰ খুচুৰা বজাৰত প্ৰতি কেজি পাচলিৰ মূল্য:

  • বিলাহী: ১০০-১২০ টকা
  • পটল: ৮০ টকা
  • ভেন্দি: ৮০ টকা
  • বেঙেনা: ৬০-৮০ টকা
  • অমিতা: ৬০ টকা
  • ভাতকেৰেলা: ১০০ টকা
  • তিয়ঁহ: ৬০ টকা
  • লেচেৰা: ১০০ টকা
  • বিন: ১২০ টকা
  • স্কোৱাচ: ৮০ টকা
  • গাজৰ: ১২০ টকা
  • জিকা: ৮০ টকা
  • জলকীয়া: ২৫০ টকা

উল্লেখ্য যে, কেৱল গুৱাহাটীতেই নহয় ৰাজ্যৰ ভিন্ন জিলাত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম । এইদৰে হঠাৎ অত্যাধিক দাম বৃদ্ধি পোৱাত উপায়ন্তৰ হৈ পৰিছে সাধাৰণ গ্ৰাহক ৷ এইবছৰেই যে এনেকুৱা হৈছে সেয়া নহয় ৷ প্ৰতিবছৰেই বানৰ সময়ত অভাৱনীয়ভাৱে মূল্যবৃদ্ধি ঘটে পাচলিৰ ৷ কিন্তু পাচলিৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত প্ৰতিবাৰেই ব্যৰ্থ হৈ আহিছে ৰাজ্য চৰকাৰৰ অসামৰিক যোগান বিভাগ ৷ দামবৃদ্ধিৰ কথা ক’লেই নাভূত-নাশ্ৰুত মন্তব্য আগবঢ়াই শাসকীয় দলৰ মন্ত্ৰী-বিধায়কে ৷ এক কথাত ক’বলৈ গ’লে পাচলিৰ বজাৰলৈ আহি এতিয়া চকুৰে সৰিয়হ ফুল দেখা অৱস্থা হৈছে ৰাইজৰ ৷

লগতে পঢ়ক: Tomato Price Hike : আকাশলংঘী বিলাহীৰ মূল্য, কোন ৰাজ্যত কিমান দৰত বিক্ৰী হৈছে বিলাহী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.