ETV Bharat / state

দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক

author img

By

Published : Feb 14, 2021, 12:07 PM IST

Updated : Feb 14, 2021, 12:27 PM IST

দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক ৷ "আঞ্চলিকতাবাদী" গগৈয়ে যেন এতিয়া প্ৰতিনিয়ত মূৰৰ কামোৰণি বঢ়াইছে "ৰাষ্ট্ৰীয়তাবাদী" দল বিজেপিৰ । ৰাজনৈতিক দল-সংগঠনে আৰম্ভ কৰিছে ৰাজনৈতিক ৰণডংকা বজাবলৈ ৷

দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক
দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক

গুৱাহাটী,14 ফেব্ৰুৱাৰীঃ অসমৰ ভোটৰ ৰাজনীতিত এতিয়া অত্যন্ত চৰ্চাৰ বিষয়টোৱেই হৈছে দুই "গগৈ" । এজন অখিল গগৈ আৰু আনজন লুৰিণজ্যোতি গগৈ । এই দুই "আঞ্চলিকতাবাদী" গগৈয়ে যেন এতিয়া প্ৰতিনিয়ত মুৰৰ কামোৰণি বঢ়াইছে "ৰাষ্ট্ৰীয়তাবাদী" বিজেপিৰ । ইতিমধ্যে এই কথা প্ৰায় পৰিষ্কাৰ হৈ পৰিছে যে আৰু মাত্ৰ ডেৰ বা দুটা মাহৰ পাছতেই অনুষ্ঠিত হ’ব 2021 চনৰ অসম বিধান সভাৰ নিৰ্বাচন ৷ 2021 ত হ’বলগীয়া ৰাজ্যৰ ভোটযুদ্ধত এজন গগৈ অৱতীৰ্ণ হ’ব শিৱসাগৰ সমষ্টিৰ পৰা আৰু আনজন অৱতীৰ্ণ হ’ব দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা ।

লুৰিণজ্যোতি গগৈ

অখিল গগৈয়ে শিৱসাগৰৰ পৰা কাৰাগাৰৰ ভিতৰত থাকিয়েই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি নিশ্চিত হোৱাৰ পিছতেই বিজেপি নামি পৰিছে অখিল গগৈৰ সমষ্টিটোত প্ৰত্যাহ্বান জনাব পৰা এজন শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত ।

ঠিক একেই ঘটনা ঘটিছে দুলীয়াজানৰ ক্ষেত্ৰতো । শিৱসাগৰ সমষ্টি বৰ্তমান বিজেপিৰ দখলত নাই । সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত । সমষ্টিটোৰ কংগ্ৰেছ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বিয়োগৰ পাছত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা নাই । সৌ সিদিনা মাত্ৰ স্বয়ং প্ৰধানমন্ত্ৰীজনে নিজেই আহি সমষ্টিটোত এখন সভা কৰি থৈ যায় । ইমানৰ পিছতো যদি সমষ্টিটো বিজেপিয়ে এইবাৰ নিজৰ হাতত ৰখাব নোৱাৰে তেন্তে দলটোৰ বাবে নাক-কাণ কটা যোৱাৰ দৰে দশা হ’ব । সেয়ে অখিল গগৈৰ বিৰুদ্ধে এজন শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত নামি বিজেপিয়ে একপ্ৰকাৰ নিশ্চিত কৰিছে যে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থীত্ব দিয়া হ’ব আন এজন গগৈক । তেওঁ হ'ল যোৰহাটৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ ।

সাংসদ তপন গগৈ

তপন কুমাৰ গগৈয়ে ইতিমধ্যে দলীয় নেতৃত্বক জনাইছে যে, তেওঁ দিল্লীৰ পৰিৱৰ্তে ৰাজ্যৰ ৰাজনীতিলৈ উভতিব বিচাৰে । বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজে পুনৰ সোণাৰি সমষ্টিৰ পৰাহে । কিন্তু দলৰ শীৰ্ষ নেতৃত্বই তেওঁক সোণাৰিৰ পৰিৱৰ্তে শিৱসাগৰৰ পৰাহে প্ৰাৰ্থীত্ব দিয়াৰ পক্ষপাতী । ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল বিশেষ সূত্ৰই ইটিভি ভাৰতক এই খবৰ দিয়ে । অৰ্থাৎ বিজেপিয়ে এইবাৰ শিৱসাগৰত "গগৈ"ৰ বিৰুদ্ধে "গগৈ"ৰ ৰাজনীতি কৰিব খুজিছে ।

আনহাতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে দুলীয়াজান সমষ্টি । যিহেতু এইটো সমষ্টি বৰ্তমান বিজেপিৰ দখলতে আছে ৷ গতিকে সমষ্টিটো হেৰুৱাৰ কথা ভবাই নাই শাসকীয় দলটোৱে । কিন্তু দুলীয়াজানৰ পৰা লুৰিণজ্যোতি গগৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰাত এই সমষ্টিটোতো বিজেপিয়ে শিৱসাগৰৰ দৰে একেটা "ফৰ্মূলা"ই প্ৰয়োগ কৰিব বিচাৰিছে । বিজেপিৰ একেটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাৰ পৰিৱৰ্তে এজন শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত নামিছে বিজেপি । যিয়ে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব লুৰিণজ্যোতি গগৈৰ বাবে । এই সন্ধানত একপ্ৰকাৰ চূড়ান্ত বাচনিত উঠিছে গেৰুৱা দলটোৰ এজন অন্যতম শক্তিশালী আৰু জনপ্ৰিয় যুৱ নেতা তথা ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি ইন্দ্ৰ গগৈৰ নাম । অৰ্থাৎ শিৱসাগৰ আৰু দুলিয়াজান উভয়তেই দুই "গগৈ"ৰ বিৰুদ্ধে বিজেপিয়ে থিয় কৰাব আন দুই "গগৈ"ক । উল্লেখ্য যে, বিজেপি নেতা ইন্দ্ৰ গগৈ অসম গেছ কোম্পানীৰ উপাধ্যক্ষ পদতো অধিষ্ঠিত হৈ আছে ৷

অসম ভ্ৰমণলৈ মোডীক স্বাগতম জনোৱা অৱস্থাত ইন্দ্ৰ গগৈ

এনেদৰেই এতিয়া প্ৰতিটো বিধানসভা সমষ্টিত ববলৈ আৰম্ভ কৰিছে নিৰ্বাচনীৰ গৰম বতাহ ৷ নিৰ্বাচনী যুঁজত কোন দলে কেনেদৰে নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হ’ব সেয়াহে বৰ্তমান লক্ষণীয় বিষয় ৷

লগতে পঢ়কঃ কুঁৱাৰ পৰা উদ্ধাৰ 4 বছৰীয়া শিশু

Last Updated : Feb 14, 2021, 12:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.