আমবাৰী, 2 ছেপ্টেম্বৰঃ সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজন হয় প্ৰৱজন বিৰোধী মঞ্চৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰি প্ৰৱজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই কয় যে, জাতীয় নেতা সকলে দায়িত্বৰ পৰা হাত সাৰিবলৈ আৰম্ভ কৰি দিলে ৷ বিসংগতিৰে ভৰা NRCৰ ক্ষেত্ৰত নিজৰ ভুল বা দায়িত্ব স্বীকাৰ কৰিবলৈ আগবাঢ়ি নহাতো দুৰ্ভাগ্যজনক ৷ খিলঞ্জীয়াৰ অস্তীত্বৰ দলিল বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এতিয়া সমস্ত দায়িত্ব হাজেলা আৰু উচ্চতম ন্যায়ালয়লৈ ঠেলি দিছে ৷ যদি আসোঁৱাহবিহীন এখন NRC প্ৰস্তুত হৈ উঠিল হয় তেতিয়া কৃতিত্ব ল’বলৈ আগবাঢ়ি আহিল হয় ৷ আনহাতে অসম আন্দোলনৰ শীৰ্ষ নেতা প্ৰফুল্ল মহন্তয়ো এই আসোঁৱাহপূৰ্ণ NRC ক সুন্দৰকৈ আঁকোৱালি লোৱাতোহে অতি দুৰ্ভাগ্যজনক ৷ লগতে তেওঁ কয় যে, 40 বছৰযোৰা আন্দোলনৰ পাচত 855 গৰাকী ছহিদৰ পাচত সকলোৱে যি বিফলতাৰ দলিল পালে তাৰ দ্বাৰা খিলঞ্জীয়াৰ আত্মবিশ্বাসক সম্পূৰ্ণভাৱে ভংগ কৰি পেলালে ৷ আছু, ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা সকলোৱে NRC ৰ ক্ষেত্ৰত কেৱল আবেদন কৰাৰ কথাহে কয় ৷ কোনোৱেও দায়িত্ব ল’বলৈ আগবাঢ়ি নাই অহা ৷ জাতীয় অস্তিত্বৰ ৰক্ষাৰ হেতু আমি এইখন NRC মানি ল’ব নোৱাৰো বুলি প্ৰকাশ কৰে উপমন্যু হাজৰিকাই ৷
তেওঁ কয় যে, এইসময়ত সকলোৰে কৰণীয় এইয়ে যে, প্ৰথমে, NRC ৰ বিসংগতিসমূহ উলিয়াই একগোট কৰি আমি পুনৰীক্ষণৰ বাবে আবেদন কৰিব লাগিব ৷ দ্বিতীয়তে, ভিত্তীবৰ্ষ আৰু বিদেশী সতি-সন্ততিক নাগৰিকত্ব প্ৰদান কৰাক লৈ পাঁচজনীয়া সংবিধানিক বিচাৰপীঠৰ আগত যি গোচৰ চলি আছে চৰকাৰে ইয়াক দুৰ্বল কৰি পেলাইছে ৷ উচ্চতম ন্যায়ালয়ে কোৱাৰ লগতে সাধাৰণ খিলঞ্জীয়াইয়ো ভিত্তীবৰ্ষ 1951 হোৱাটোৱেই বিচাৰিছে ৷ এইক্ষেত্ৰত আমাৰ কৰণীয় এয়ে যে, আমি সকলোৱে এই গোচৰটো সবল কৰাৰ উচিত ৷ এই গোচৰত নিজাববীয়াকৈ কাম কৰি থকা অধিবক্তাসকলৰ আনুসংগিক খৰছ কিছু হ’লেও লাঘৱ কৰিবলৈ অসমৰ ৰাইজে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰা উচিত ৷ আৰু তাৰ বাবে প্ৰৱজন বিৰোধী মঞ্চই 1 লাখ টকা তেওঁলোকৰ সহায়ৰ বাবে ধাৰ্য কৰিছে বুলিও মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷