ETV Bharat / state

1951 or 1971: ভিত্তিবৰ্ষ সন্দৰ্ভত চৰকাৰ-আছুৰ ভূমিকাক তীক্ষ্ণ সমালোচনা উপমন্যু হাজৰিকাৰ - অসম চুক্তি

ভিত্তিবৰ্ষ আজিও অসমৰ বাবে এক শেষ নোহোৱা ৰাতিৰ দৰে হৈ ৰৈছে ৷ 1951 আৰু 1971 ৰ মাজত এই বিষয়টো ওলমি থকাৰ মাজতে আৰু এটা বৰ্ষৰ সংযোগ ঘটিছে ৷ সেই বৰ্ষটো হৈছে 2011 ৷ মিছন বসুন্ধৰা 2.O ৰ দ্বাৰা চৰকাৰে 2011 চৰ পূৰ্বৰ ভিজিআৰ আৰু পিজিআৰ ভূমি বেদখলকাৰীক প্ৰদান কৰিব খোজা বুলি পূৰ্বে অভিযোগ উঠোৱা উপমন্যু হাজৰিকা পুনৰ সৰৱ হৈছে বিষয়টোক লৈ (Upamanyu Hazarika opposes Mission Basundhara) ৷ আছুৰ ভূমিকাকো সমালোচনা ৷

Upamanyu Hazarika opposes Mission Basundhara
অসমত ভিত্তি বৰ্ষ কি হ’ব ?
author img

By

Published : Jan 20, 2023, 5:29 PM IST

উপমন্যু হাজৰিকাৰ সংবাদ মেল

নিউজ ডেস্ক, 20 জানুৱাৰী: অসমত নাগৰিকত্বৰ ভিত্তি বৰ্ষ, এন আৰ চি, অসম চুক্তি, আছুৰ ভূমিকা আৰু বিজেপি চৰকাৰৰ ৰাজনৈতিক কূটকৌশলৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হ’ল প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা (Upamanyu Hazarika press meet) ৷ দিল্লীত আজি সাংবাদিকৰ সমুখত এই আটাইকেইটা বিষয় লৈ নিজৰ মন্তব্য প্ৰকাশ কৰিলে জ্যেষ্ঠ অধিবক্তাজনে ৷ লগতে মিছন বসুন্ধৰা 2.O ৰ জৰিয়তে 2011 চনৰ লোকপিয়লৰ ভিত্তিত চৰকাৰে ভূমি পট্টা প্ৰদান কৰিব খোজা বিষয়টোকো তেওঁ সমালোচনা কৰে (Upamanyu Hazarika opposes Mission Basundhara) ৷

সংবাদমেলখনত হাজৰিকাই কয় যে, অসম চুক্তি স্বাক্ষৰিত হোৱা প্ৰায় 40 বছৰৰ পাচতো অসমত বিদেশীৰ সংখ্যা প্ৰায় 80 লাখ বৃদ্ধি পালে (Immigration problem in Assam) ৷ স্বয়ং চৰকাৰ আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কথা দোহাৰি থাকে বুলি উপমন্যু হাজৰিকাই উল্লেখ কৰে ৷ সেই হিচাপে চাবলৈ গ’লে এন আৰ চিৰ দ্বাৰা চিনাক্ত কৰা 19 লাখ বিদেশীক বাদ দি বাকী 61 লাখ বিদেশী এতিয়াও অসমত মুক্তভাৱে ঘূৰি আছে ৷ এনে পৰিপ্ৰেক্ষিতত ভিত্তিবৰ্ষৰ কোনো মান্যতা নাথাকিল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ৷

আছু আৰু আছুৰ দ্বাৰা সৃষ্ট সৰ্বানন্দ সোণোৱালকে ধৰি নেতাসকলে চুক্তিৰ নামত কেৱল নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰিলে বুলি সমালোচনা কৰে হাজৰিকাই ৷ এই ভিত্তিবৰ্ষৰ ইছ্যুটোক লৈ কোন কেনেকৈ মন্ত্ৰী-বিধায়ক হ’ব পাৰে তাকেই চিন্তা কৰি ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দিয়া বুলিও তেওঁ মন্তব্য কৰে ৷

খিলঞ্জীয়াৰ প্ৰতিনিধি বুলি দাবী কৰা নেতাসকলে 1951 চনৰ সপক্ষে কিয় ঠিয় নিদিয়ে বুলি প্ৰশ্ন তুলি উপমন্যু হাজৰিকাই কয় যে, ৰাইজৰ আগত এটা কথা কৈ পিচ মুহূৰ্তত 1971 চনক সমৰ্থন কৰি খিলঞ্জীয়া বিৰোধী স্থিতি লয় এইসকল নেতাই ৷ 6 নং দফা কমিটীয়ে 1951 ভিত্তিত সংৰক্ষণ দিয়াৰ বিষয়টো কাৰ্যত ৰূপায়ন কৰিবলৈও তেওঁ দাবী জনায় (Citizenship base year in Assam) ৷

যিধৰণে জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে, 2040 চনৰ পূৰ্বেই অসমত খিলঞ্জীয়া নাগৰিক সংখ্যালঘূ হ’বলৈ গৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে উপমন্যু হাজৰিকাই ৷ তেওঁ কয়, ‘‘অসম চুক্তি কৰি যেতিয়া তেওঁলোকে দেখিলে যে এইটো সফল নহ’ল, তেতিয়াই জাতীয় নেতাসকলে হয় ৰাজনীতি ত্যাগ কৰিব লাগিছিল, নহ’লে বিদেশীমুক্ত অসমৰ বাবে যুঁজ দিব লাগিছিল ৷ এখন বেনাৰ লৈ লতাশিলত ঘূৰি থাকিলেই নহ’ব, ইয়াক কাৰ্যকৰী কৰিব লাগিব’’ (Upamanyu Hazarika on Assam accord) ৷

যিখিনি মানুহে ভিত্তি বৰ্ষৰ বাবে গোচৰ তৰিছিল, জাতীয় নেতাসকলে তাত সমৰ্থন নিদিয়া কাৰ্যকো তীব্ৰ ভাষাৰে নিন্দা কৰে হাজৰিকাই ৷ তেওঁ লগতে কয় যে, উচ্চতম ন্যায়ালয়ে উক্ত গোচৰত হাজৰিকাক কমিচনাৰ হিচাপে নিযুক্তি দিছে, গতিকে তেওঁ ইয়াত অংশ গ্ৰহণ কৰিব নোৱাৰে ৷

বাংলাদেশৰ পৰা মানুহ আহি অসমত ভূমি ক্ৰয় বা বেদখল কৰিব নোৱাৰা, খিলঞ্জীয়া ভূমি সংৰক্ষণৰ বাবে এখন আইন নকৰিলে বাংলাদেশৰ পৰা মানুহ আহিয়েই থাকিব বুলি তেওঁ উল্লেখ কৰে ৷ কিন্তু ইয়াৰ বিপৰীতে সম্পূৰ্ণ ওলোটা ধৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2011 চনলৈকে অহা পিজিআৰ ভিজিআৰ লোকক ভূমি পট্টা প্ৰদানৰ বাবে যো-জা চলাইছে বুলি চৰকাৰকো সমালোচনা কৰে হাজৰিকাই ৷

সম্পূৰ্ণ দেশত ভিত্তিবৰ্ষ 19 জুলাই 1946 চন ধাৰ্য কৰা আছে ৷ চুবুৰীয়া মেঘালয়েও একেই ভিত্তিবৰ্ষ মানি আহিছে ৷ উদাহৰণ দি তেওঁ কয় যে, খানাপাৰা অঞ্চলত পথৰ বাওঁফালে অসম আৰু সোঁফালে মেঘালয় ৷ অসমত ধৰা পৰা বিদেশীয়ে 1971 চনৰ পূৰ্বে অসমত বাস কৰা নথি দেখুৱালেই হ’ব ৷ কিন্তু মেঘালয়ত ধৰা পৰা বিদেশীয়ে 19 জুলাই 1946 চনৰ পূৰ্বৰ নথি দেখুৱাব লাগিব ৷ ইয়াক এক অদ্ভূত প্ৰক্ৰিয়া বুলি তেওঁ উল্লেখ কৰে ৷ একেখন দেশত দুটা নিয়ম কেনেকৈ হ’ব পাৰে বুলি তেওঁ প্ৰশ্ন তোলে ৷

উচ্চতম ন্যায়ালয়ে পূৰ্বে সৰ্বানন্দ সোণোৱাল-1, সৰ্বানন্দ সোণোৱাল-2, সন্মিলিত মহাসংঘ আদি কেইবাটাও ৰায়দানত কৈছে যে, প্ৰব্ৰজনৰ ফলত অসমৰ খিলঞ্জীয়া কেইবাখনো জিলাত সংখ্যালঘুত পৰিণত হৈছে আৰু ক্ৰমাৎ এই প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যত বিয়পি পৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কৌশলেৰে 2011 চনক নতুন ভিত্তিবৰ্ষ হিচাপে স্থাপন কৰাৰ চেষ্টা চলাইছে বুলি তেওঁ অভিযোগ কৰে ৷ হাজৰিকাই কয়, "সকলোৱে শুনিছে, বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থকা কালত হিমন্ত বিশ্ব শৰ্মাই সদায় ভিত্তিবৰ্ষ 1951 বুলিয়েই কৈ থাকিল ৷ কিন্তু এতিয়া তেওঁক 51 বা 71 ৰ পৰিৱৰ্তে 2011 চনহে লাগে ৷ ইয়াৰ দ্বাৰা আদালতত চলি থকা গোচৰক গুৰুত্বহীন কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই’’ ৷

কেইদিনমান পূৰ্বেও গুৱাহাটীত এক সংবাদমেলযোগে চৰকাৰৰ মিছন বসুন্ধৰা 2.O ক তেওঁ সমালোচনা কৰিছিল ৷ ইয়াৰ দ্বাৰা ৰাজনৈতিক হাবিয়াস পূৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰাৰ জড়িয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা পিজিআৰ, ভিজিআৰ মাটিত সংস্থাপন দিয়াৰ বাবে ষড়যন্ত্ৰ কৰিছে বুলি হাজৰিকাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: Mission Basundhara: বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ: উপমন্যু হাজৰিকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.