ETV Bharat / state

চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ বিশ্ববিদ্যালয়ক

এতিয়াৰে পৰা ৰাজ্যৰ ৪খন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব চৰকাৰী চাকৰিৰ পৰীক্ষা। ঠিকাদাৰী প্ৰতিষ্ঠানে পাতিব নোৱাৰিব ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষা। ঠিকাদাৰী প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা পৰীক্ষাত বাৰে বাৰে কেলেংকাৰি সংঘটিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চাৰকাৰৰ।

author img

By

Published : Oct 7, 2020, 6:39 PM IST

চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ বিশ্ববিদ্যালয়ক
চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ বিশ্ববিদ্যালয়ক

গুৱাহাটী, ৭অক্টোবৰ: এটাৰ পিছত আনটো চৰকাৰী পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ তৎপৰ ৰাজ্য চৰকাৰ। ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰিৱৰ্তে চৰকাৰে ৰাজ্যৰ ৪খন বিশ্ববিদ্যালয়ক চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব বিশ্ববিদ্যালয়ে। সোমবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে আলোচনাত মিলিত হয় ডি জি পি ভাস্কৰজ্যোতি মহন্ত,এ ডি জি পি হৰমিত্ সিং আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল। বৈঠকত লোৱা সিদ্ধান্তমৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব আৰক্ষী,গৃহৰক্ষী, কাৰাগাৰ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,শ্ৰম বিভাগৰ খালী পদৰ নিযুক্তি পৰীক্ষা। গুৱাহাটী বিশ্ববিদ্য়ালয়ে অনুষ্ঠিত কৰিব উদ্যোগ আৰু বাণিজ্য বিভাগ, দক্ষতা, পৰিবহণ, আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ পৰীক্ষা।

আনহাতে,জলসিঞ্চন বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব দিয়া হৈছে তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক। শিলচৰৰ অসম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব সমাজ কল্যাণ, ভূমি সংৰক্ষণ বিভাগৰ খালী পদৰ নিযুক্তিৰ পৰীক্ষা। এই বৈঠকতে চলিত বৰ্ষৰ ২৮ ডিচেম্বৰৰ ভিতৰত খালী হৈ থকা পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে চাওকঃ একবিংশ শতিকাতো কন্যা সন্তানক অৱহেলা পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.