ETV Bharat / state

তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ঘোষণা ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱৰ - 2018

ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে ঘোষণা কৰিছে তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ৷ 2018 ৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ শ্বুটাৰ হৃদয় হাজৰিকাৰ, শ্ৰেষ্ঠ ক্ৰীড়া প্ৰম'টাৰ নবাব আলী, শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষক গনেশ ৰায় ৷

তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ঘোষণা ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱৰ
author img

By

Published : Jun 24, 2019, 4:39 PM IST

স্পৰ্টছ ডেস্ক, 24 জুনঃ ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম অগ্ৰণী অনুষ্ঠান ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে সোমবাৰে ঘোষণা কৰিলে অসমৰ তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ।

2018 বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাচনি কৰা হৈছে শ্বুটাৰ হৃদয় হাজৰিকাক ৷ লগতে ‘শ্ৰেষ্ঠ প্ৰতিভাৱান খেলুৱৈ’ৰ বঁটা দিয়া হ’ব শ্বাটলাৰ অস্মিতা চলিহাক ৷ ইয়াৰ উপৰিও নবাব আলীক ‘শ্ৰেষ্ঠ ক্ৰীড়া প্ৰম'টাৰ’ আৰু ‘শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষক বঁটা’ প্ৰদান কৰা হ’ব গনেশ ৰায়ক

তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ঘোষণা ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱৰ

এই বঁটা সমূহ অহা 26 জুনত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব । এই অনুষ্ঠানতে ক্ৰীড়াৰ ক্ষেত্ৰত খ্যাতি অৰ্জন কৰা অন্য 11 গৰাকী অসমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো সম্বৰ্ধনা জনাব ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে ক্লাৱটোৰ উদ্যোক্তা সকলে । সংবাদমেলত উপস্থিত থাকে নীলয় ভট্ট, গোপাল জালান, ধীৰাজ দত্তকে ধৰি বিষয়ববীয়া সকল ।

Intro:ক্ৰীয়া ক্ষেত্ৰৰ অন্যতম অগ্ৰনী অনুষ্ঠান ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবে ঘোষণা কৰিছে তৃতীয় বৰ্ষৰ ক্ৰীয়া বটা ।

Body:শ্বুটাৰ হৃদয় হাজৰিকাক ইউনাইটেড ব্ৰাডাৰ্চ ক্লাব 2018 ৰ শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰে । লগতে শ্বাটলাৰ অস্মিতা চলিহাক শ্ৰেষ্ঠ প্ৰতিভাবান খেলুৱৈ হিচাপে ঘোষণা কৰে । ইয়াৰ উপৰিও নবাব আলিক শ্ৰেষ্ঠ ক্ৰিয়া প্ৰম'টাৰ আৰু গনেশ ৰায়ক শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষক হিচাপে বাচনি কৰে ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবে । এই বটা সমূহ 26 জুনত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত প্ৰদান কৰিব । এই অনুষ্ঠানত ক্ৰীড়া ৰ ক্ষেত্ৰখনত খ্যাতি অৰ্জন কৰা অন্য 11 গৰাকী অসমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো সম্বৰ্ধনা জনাব ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবে । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰে উদ্যোক্তা সকলে ।সংবাদমেলত উপস্থিত থাকে নিলয় ভট্ৰ,গোপাল জালান,ধীৰাজ দত্তকে ধৰি বিষয়ববীয়া সকল ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.